ডিগবৈত ভয়ংকৰ দুৰ্ঘটনা; ৪ জনকৈ লোক থিতাতে নিহত

ডিগবৈৰ পাৱৈত দেওবাৰে নিশা এটা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। ফলত দুৰ্ঘটনাটোত চাৰিজনকৈ লোকে থিতাতে মৃত্যুক আঁকোৱালি লয়। লগতে ৮ জনকৈ লোক গুৰুতৰভাৱে আহত হয়।

জানিব পৰা মতে তিনিচুকীয়া দিশৰ পৰা অহা এখন যাত্ৰীবাহী মেজিকৰ লগত মাৰ্ঘেৰিটা দিশৰ পৰা অহা এখন কয়লাভৰ্তি ট্ৰাকৰ মুখামুখি সংঘৰ্ষ হয়।

ফলত মেজিকখনৰ চালকসহ চাৰিজন লোকৰ থিতাতে মৃত্যু হয়। মেজিকখনত মুঠ ১২ জন লোক আছিল বুলি জানিব পৰা গৈছে। ইয়াৰে গুৰুতৰভাৱে আহতসকলক সংকটজনক অৱস্থাত মাৰ্ঘেৰিটাৰ চিভিল হস্পাতাললৈ প্ৰেৰণ কৰা হয়।

 দুৰ্ঘটনাটোত নিহত সকলক ক্ৰমে জয়ৰাম শ্বাহ (৪৫), জলেশ্বৰ গিৰি (৪৯), উৰ্মিলা দেৱী (৪৮) আৰু বিচু দাস (মেজিকৰ চালক) (২৯) বুলি চিনাক্ত কৰা হৈছে।

মেজিকখনৰ যাত্ৰীসকল জাগুনঘাটত বিয়া খাই ওভতাৰ পথত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়েই কয়লাভৰ্তি ট্ৰাকখনৰ চালকে ঘটনাস্থলীৰ পৰা পলায়ন কৰে।