NORTHEAST NOW (Assamese)

গৰাকীবিহীন পথৰ কাষৰ কুকুৰলৈ নিৰ্বিচাৰ গুলীচালনা চাৰি দুৰ্বৃত্তৰ: গোচৰ ৰুজু

September 10, 2022 7:23 pm · এন ই নাও নিউজ, গুৱাহাটী

সততে পথৰ কাষত দেখা পোৱা গৰাকী বিহীন কুকুৰক অমানুষিক অত্যাচাৰ চলাই বিপদত পৰিছে চাৰি দুৰ্বৃত্ত। মধ্যপ্ৰদেশৰ ইন্দোৰৰ এটা এলেকাত চাৰিগৰাকী ব্যক্তিয়ে এয়াৰ গান ব্যৱহাৰ কৰি ৰাস্তাৰ কুকুৰৰ ওপৰত নিৰ্বিচাৰ গুলীচালনা কৰাৰ এটা ভিডিঅ’ শেহতীয়াকৈ ভাইৰেল হৈছিল।

এই ভাইৰেল ভিডিঅ’টোক কেন্দ্ৰ কৰি জাঙোৰ খাই উঠিছিল দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰশুপ্ৰেমী ব্যক্তি। এনে বিৰূপ প্ৰতিক্ৰিয়াৰ মাজতে ভানৱাৰকুয়ান আৰক্ষী থানাত দুৰ্বৃত্ত কেইগৰাকীৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে।

ভানৱাৰকুয়ান আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে ভিডিঅ’টোত অচিনাক্ত চাৰি ব্যক্তিয়ে ৰাস্তাৰ কুকুৰবোৰৰ ওপৰত নিৰ্বিচাৰভাৱে গুলী চালনা কৰা দেখা গৈছে।

গুলীচালনাত অৱশ্যে এটাও কুকুৰ আহত হোৱা নাই বুলি মন্তব্য কৰি তেওঁ লগতে দুৰ্বৃত্ত কেইগৰাকীক চিনাক্ত কৰাৰ প্ৰচেষ্টা চলি আছে বুলি উল্লেখ কৰে।

বেচৰকাৰী এক পশুপ্ৰেমী সংস্থা ‘পিপল ফৰ এনিমেলছ’ৰ ইন্দোৰ গোটৰ এগৰাকী বিষয়ববীয়াই কয় যে বৃহস্পতিবাৰে বিষ্ণুপুৰী অঞ্চলত সংঘটিত এই গুলীচালনাৰ বিষয়ে স্থানীয় লোকে তেওঁক অৱগত কৰিছিল।

ইয়াৰ পিছতে সংগঠনটোৰ কৰ্মীসকলে ঘটনাটোত কোনো জন্তু আঘাতপ্ৰাপ্ত হৈছে নেকি বুজ লোৱাৰ বাবে ঘটনাস্থলীত উপস্থিত হয় বুলি জানিবলৈ দিয়ে।

তেওঁ লগতে এনেদৰে নিৰপৰাধ আৰু অবোধ জন্তুৰ ওপৰত এনে অমানুষিক অত্যাচাৰ চলোৱা দুৰ্বৃত্তকেইগৰাকীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ বাবে স্থানীয় আৰক্ষীক আহ্বান জনায়।

Related News