নাগালেণ্ডৰ লংলেঙত কয়লা খনিত অসমৰ চাৰিজন শ্ৰমিকৰ মৃত্যু

18881942_717721895097728_7723527117357619009_n-750x375

এটি কয়লা খনি । ফটো উৎস : জিঅ'লজি অৱ নাগালেণ্ড ফেচবুক

নাগালেণ্ডৰ লংলেঙ জিলাৰ টামলুৰ অন্তৰ্গত য়ংলুক গাঁৱত অৱস্থিত এটা পৰিত্যক্ত কয়লা খনিত বিষাক্ত গেছত আক্ৰান্ত হৈ অথবা ভিতৰত হোৱা ভূমিস্খলনৰ ফলত শনিবাৰে অসমৰ চাৰিজন খনি শ্ৰমিকৰ মৃত্যু হৈছে।

কয়লা খনিত মৃত্যু হোৱা শ্ৰমিক কেইজনৰ তিনিজনক অসমৰ শিৱসাগৰ জিলাৰ জিতেন তাঁতী (৪০), কৃষ্ণ গগৈ (৩২), টুটু ডেকা (২৮) আৰু আনজনক চৰাইদেউ জিলাৰ সুছান ফুকন (৩৭) বুলি চিনাক্ত কৰা হৈছে।

সূত্ৰসমূহে দেওবাৰে জানিবলৈ দিয়া মতে বিয়লি প্ৰায় ৪ বজাত দুৰ্ঘটনাটো সংঘটিত হয়।

আনহাতে, দেওবাৰে বিয়লিয়েই পৰিত্যক্ত কয়লাখনিটোৰ পৰা মৃতদেহকেইটা য়ংলুক গাঁও পৰিষদৰ সদস্যসকলৰ লগতে আৰক্ষীৰ উপস্থিতিত উদ্ধাৰ কৰি পৰিয়ালৰ হাতত গতাই দিয়া হয়।

লংলেঙৰ উপায়ুক্ত জন ছুলিছে ছাংটামে পৰিত্যক্ত কয়লাখনিটোৰ পৰা চাৰিটা মৃতদেহ উদ্ধাৰ কৰাৰ কথা নিশ্চিত কৰিছে।

ছাংটামে কয় যে টামলুৰ অতিৰিক্ত উপায়ুক্ত চি কন্যাকে জানিবলৈ দিয়া অনুসৰি ঘটনাৰ বলি হোৱা লোক চাৰিজনে পূৰ্বতে তেওঁলোকে এৰি যোৱা তেওঁলোকৰ বস্তু বাহানি লৈ আনিবলৈ কয়লাখনিটোলৈ গৈছিল।

তেওঁ কয় যে কিছু বিষাক্ত গেছ বা পৰিত্যক্ত খনিটোৰ ভিতৰত ভূমিস্খলনৰ ফলতেই খনি শ্ৰমিক চাৰিজনৰ মৃত্যু হৈছে। ছাংটামে লগতে জনায় যে কয়লাখনিটো বহ বছৰ ধৰি পৰিত্যক্ত হৈ পৰি আছিল।

উপায়ুক্ত গৰাকীয়ে মৰণোত্তৰ পৰীক্ষা অবিহনেই মৃতদেহকেইটা পৰিয়ালক গতাই দিয়া বুলি জানিবলৈ দিয়ে। তেওঁ কয় যে পৰিয়ালৰ লোকে মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰাটো বিচৰা নাই।

লংলেঙৰ আৰক্ষী অধীক্ষক স্বৰ্ণবিকাইক যোগাযোগ কৰাত তেওঁ জানিবলৈ দিয়ে যে তেওঁ শনিবাৰে নিশা ৯ মান বজাত দুৰ্ঘটনাটোৰ খৱৰ লাভ কৰাৰ পাছতে লগে লগেই য়ুংলুক আৰক্ষীক অৱগত কৰে।

আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে দুৰ্ঘটনাটোৰ বলি হোৱা লোককেইজনে তেওঁলোকৰ এৰি যোৱা বস্তু-বাহানি আনিবলৈ পৰিত্যক্ত কয়লাখনিটোলৈ গৈছিল। নাগালেণ্ড চৰকাৰে যোৱা মাহত ৰাজ্যখনত অবৈধ কয়লা খনন নিষিদ্ধ কৰিছিল।

উল্লেখযোগ্য যে যোৱা ২০১৮ চনৰ ১৩ ডিচেম্বৰত মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰৰ এটা অবৈধ কয়লা খনিত ১৫জন শ্ৰমিকৰ মৃত্যু হৈছিল।