উৰিবলৈ লোৱাৰ সময়তে ৰাণৱেত দপদপাই জ্বলি উঠিল বিমান: খেলুৱৈসহ নিহত বহুজন

brazil-1

বিমান বন্দৰৰ ৰাণৱেত উৰিবলৈ বুলি গতি লোৱাৰ সময়তে ঘটি গ’ল ভয়ংকৰ দুৰ্ঘটনা।

ৰাণৱেৰে গতি কৰা বিমান খনে উৰাৰ সলনি পোনে পোনে গৈ খুন্দা মাৰিলে ৰাণৱেৰ একেবাৰে শেষত থকা দেৱাল।

তাৰপিছতেই দাউ দাউকৈ জ্বলি উঠিল বিমান খন।

লগে লগে বিমান বন্দৰত থকা উদ্ধাৰকাৰীৰ দল দৌৰি আহিল ।

কিন্তু ইতিমধ্যে বিমান খনত থকা যাত্ৰীসকলক চানি ধৰিছিল জুইৰ লেলিহান শিখাই।

মুহূৰ্তৰ ভিতৰতে বিমান খনত থকা চাৰি গৰাকী খেলুৱৈৰ লগতে তেওঁলোকৰ ক্লাবৰ প্ৰেচডেণ্টৰ লগতে পাঁচজন লোকৰ মৃত্যু ঘটে।

এই শোকাৱহ বিমান দুৰ্ঘটনাটো সংঘটিত হৈছে ব্ৰাজিলত।

ব্ৰাজিলৰ পালমাছ ফুটবল দলটোৰ খেলুৱৈ কেইজনে গইয়ানিয়া অভিমুখে যাত্ৰা কৰাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনাটো।

ব্ৰাজিলিয়ান কাপৰ মেচ খেলাৰ বাবে তোকানতিয়েছৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল।

দুৰ্ঘটনাটোত নিহত ফুটবলাৰ কেইজন হৈছে ক্ৰমে লুকাছ প্ৰচেদেছ,গিলেৰ্মে নো,ৰানুলে আৰু মাৰ্কাছ মলিনাৰ।

এই দুৰ্ঘটনাত ক্লাবটোৰ প্ৰেচিডেণ্টৰ লগতে বিমান খনৰ পাইলট জনৰো মৃত্যু ঘটিছে।

দেওবাৰে সন্ধিয়া সংঘটিত এই দুৰ্ঘটনাই এতিয়া শোকাহত কৰি তুলিছে সমগ্ৰ বিশ্বৰ ক্ৰীড়াপ্ৰেমীসকলক।

২০১৬ চনৰ ২৮ নৱেম্বৰতো ব্ৰাজিলৰ শ্বাপেকোয়েনছত সংঘটিত বিমান দুৰ্ঘটনাত কলম্বিয়াৰ এটা ফুটবল ক্লাবৰ ৭৪ জন খেলুৱৈৰ ভিতৰৰে অধিকাংশৰে মৃত্যু ঘটিছিল।