চামগুৰিত পথ দুৰ্ঘটনাত থিতাতে নিহত চাৰি বছৰীয়া কন্যা শিশু, গুৰুতৰভাৱে আহত মাতৃ

নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত লাওখোৱাত আজি বিয়লি সংঘটিত এক ভয়াৱহ পথ দুৰ্ঘটনাত এগৰাকী চাৰি বছৰীয়া কন্যা শিশু থিতাতে নিহত হয়। লগতে কন্যা শিশু গৰাকীৰ মাকো গুৰুতৰভাৱে আহত হয়।

জানিব পৰা মতে লংকে চহৰৰ পৰা এগৰাকী মহিলাই তেওঁৰ কণমানি চাৰিবছৰীয়া কন্যা শিশু ৰেজবিনা খাতুনক লগত লৈ আহি আছিল।

সেই সময়তে লাওখোৱাৰ ভূৰন্ধাত এ এছ ২১ জি ৯৫২৮ নম্বৰৰ এখন দ্ৰুতবেগী মটৰচাইকেলে মহিলাগৰাকী আৰু জীয়েক ৰেজবিনা খাতুনক মহিতায়ই নিয়ে।

ফলত জীয়েক ৰেজবিনা খাতুনে থিতাতে মৃত্যুক আঁকোৱালি লয় আৰু মাক গুৰুতৰভাৱে আহত হয়। বাতৰি লিখা পৰলৈকে গুৰুতৰভাৱে আহত মাকৰ পৰিচয় জানিব পৰা হোৱা নাই।

পিছত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত মহিলা গৰাকীক স্থানীয় ৰাইজৰ সহযোগত প্ৰথম অৱস্থাত লাওখোৱা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ অনা হয় যদিও পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে চিকিৎসকে নগাঁৱলৈ প্ৰেৰণ কৰে।

ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়ে বাইক চালকজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। পিছত আমবাগান আৰক্ষী চকীৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত বাইকখন উদ্ধাৰ কৰাৰ লগতে বাইকচালকজনৰ বিষয়ে অনুসন্ধান আৰম্ভ কৰিছে।