ৰহ্মপুত্ৰৰ বুকুৰে উটি অহা পোহনীয়া ম’হৰ এটা বৃহৎ জাক বৃহস্পতিবাৰে গুৱাহাটীত উদ্ধাৰ হয়। এন ডি আৰ এফৰ অভিযানত উদ্ধাৰ হয় ম’হৰ জাকটো।
বৃহস্পতিবাৰে দিনৰ প্ৰায় ১২ বজাত উজানবজাৰৰ সমীপত ব্ৰহ্মপুত্ৰৰ মাজত ম’হৰ জাকটো দেখি এন ডি আৰ এফৰ দলে তৎপৰতাৰে অভিযান আৰম্ভ কৰে। প্ৰায় এঘন্টা জোৰা চেষ্টাৰ অন্তত শুক্ৰেশ্বৰ মন্দিৰৰ সমীপত ম’হকেইটা পাৰলৈ উঠাবলৈ সক্ষম হয়। পাছত ম’হকেইটা এন ডি আৰ এফে নদী আৰক্ষীক চমজাই দিয়ে। সম্প্ৰতি শুক্ৰেশ্বৰ মন্দিৰৰ কাষত ব্ৰহ্মপুত্ৰৰ পাৰতেই ম’হকেইটা ৰখা হৈছে।
৪০ টাকৈ ম’হৰ জাকটোত কেইবাটাও পোৱালীও আছে বুলি জানিব পৰা গৈছে। ইপিনে, এই পৰ্য্যন্ত ক’ৰ পৰা কেনেদৰে ম’হকেইটা উটি আহিল তাৰ কোনো তথ্য পোৱা যোৱা নাই।
আৰক্ষীয়ে ব্ৰহ্মপুত্ৰৰ পাৰতে থকা কোনো খুটিৰ পৰা ম’হকেইটা আহিব পাৰে বুলি সন্দেহ কৰিছে। খাদ্যৰ সন্ধানত ম’হকেইটাই এইদৰে ব্ৰহ্মপুত্ৰৰে উটি অহা বুলিও আৰক্ষীয়ে সন্দেহ কৰিছে। ইতিমধ্যে নদী আৰক্ষীয়ে ব্ৰহ্মপুত্ৰৰ পাৰৰ খুটি সমূহলৈ খবৰ পঠোৱা বুলিও জানিবলৈ দিছে।