দেশৰ ৪৭% মন্ত্ৰীৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ! এছ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মছৰ প্ৰতিবেদন অনুসৰি এই কথা প্ৰকাশ পাইছে। বহু মন্ত্ৰীৰ বিৰুদ্ধে হত্যা, অপহৰণ, যৌন নিৰ্যাতনৰ দৰে গুৰুতৰ গোচৰ আছে।
শেহতীয়াকৈ কেন্দ্রই দুর্নীতিৰ বিৰুদ্ধে যুঁজিবলৈ তিনিখন বিধেয়ক উত্থাপন কৰিছে৷ এই তিনিখন বিধেয়কত উল্লেখ কৰা হৈছে যে যদি কোনো অভিযোগত কোনো প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী বা আন মন্ত্ৰী ৩০ দিনতকৈ অধিক সময় কাৰাগাৰত থাকে তেন্তে তেওঁলোকক পদৰ পৰা অপসাৰণ কৰা হ’ব। এই বিধেয়কসমূহ উত্থাপন হোৱাৰ পিছতেই এনে গুৰুতৰ তথ্য পোহৰলৈ আহিছিল। শেহতীয়া পৰিসংখ্যা অনুসৰি দেশৰ ৪৭% মন্ত্ৰীৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ আছে।
এডিআৰৰ প্ৰতিবেদনত দেখা গৈছে যে ২৭খন ৰাজ্য আৰু তিনিখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৩০২ জন মন্ত্ৰীৰ ভিতৰত ৪৭% মন্ত্ৰীৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ আছে। বিজেপিৰ ৩৩৬ জন মন্ত্ৰীৰ ভিতৰত ১৩৬ জনৰ বিৰুদ্ধে এনে অভিযোগ আছে। কংগ্ৰেছ শাসিত ৪ খন ৰাজ্যৰ ৪৫ গৰাকী মন্ত্ৰীৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ চলি আছে।
আনহাতে, ডি এম কেৰ ৩১ জন মন্ত্ৰীৰ ভিতৰত ২৭ জনৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ আছে। তৃণমূল কংগ্ৰেছৰ ৪০ গৰাকী মন্ত্ৰীৰ ভিতৰত ১৩ গৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু আছে।
তেলেগু দেশম পাৰ্টিৰ ৯৬ শতাংশ মন্ত্ৰীৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ চলি আছে। ২৩ জন মন্ত্ৰীৰ ভিতৰত ২২ জনৰ বিৰুদ্ধে গোচৰ চলি আছে।
আপৰ ১৬ গৰাকী মন্ত্ৰীৰ ভিতৰত ১১ জনৰ বিৰুদ্ধে গোচৰ চলি আছে। যদি আমি শতকৰা হাৰ চাওঁ তেন্তে বিজেপিৰ ৪০ শতাংশ মন্ত্ৰীৰ অপৰাধমূলক গোচৰ আছে। গেৰুৱা শিবিৰৰ ২৬ শতাংশ মন্ত্ৰীৰ বিৰুদ্ধে আছে গুৰুতৰ অভিযোগ। অৱশ্যে হাৰিয়ানা, জম্মু-কাশ্মীৰ, নাগালেণ্ড আৰু উত্তৰাখণ্ডৰ কোনো মন্ত্ৰীৰ বিৰুদ্ধে কোনো অপৰাধমূলক গোচৰ নাই।