NORTHEAST NOW (Assamese)

খাদ্যত বিষক্ৰিয়া ঘটি শিৱসাগৰত অসুস্থ  ৪০ জনকৈ লোক

July 10, 2023 9:00 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: July 10, 2023 8:26 pm

শিৱসাগৰত সংঘটিত হৈছে এক ভয়ানক ঘটনা। শিৱসাগৰৰ বকতা কৈৱৰ্ত গাঁৱত সংঘটিত হোৱা খাদ্য বিষক্ৰিয়াৰ ঘটনাৰ পিছতে ৪০ জন লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

গাঁওখনত অনুষ্ঠিত এক ধৰ্মীয় অনুষ্ঠানত খাদ্য খোৱাৰ বাবে বিষক্ৰিয়া হোৱা বুলি চিকিৎসকে সন্দেহ প্ৰকাশ কৰিছে।

এই খাদ্য খোৱাৰ পিছত ব্যক্তিসকলৰ ডায়েৰিয়া, বমি আৰু জ্বৰৰ লক্ষণ দেখা পোৱা বুলি জানিব পৰা গৈছে।

সূত্ৰৰ পৰা জানিব পৰা মতে, লাকোৱা মডেল হস্পিতালত পাঁচটা শিশুসহ ১৩জন লোক চিকিৎসাধীন হৈ আছে। আন আক্ৰান্ত লোকসকলক জয়সাগৰ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হৈছে।

উল্লেখ্য যে কিছুদিন পূৰ্বে ৬ জুলাইত খাদ্য বিষক্ৰিয়াৰ বাবে ৭২ জন লোকক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল। জোনাইৰ শান্তিপুৰ গাঁৱত সংঘটিত হৈছিল এই ঘটনা।

খবৰ অনুসৰি গাঁৱৰ এটা নামঘৰত ধৰ্মীয় সমাৱেশৰ সময়ত ‘প্ৰসাদ’ সেৱন কৰাৰ বাবেই খাদ্য বিষক্ৰিয়া সংঘটিত হৈছিল।

Related News