জি এছ টিৰ গাঁথনিত বৃহৎ পৰিৱৰ্তন আনিছে কেন্দ্ৰীয় চৰকাৰে। বুধবাৰৰ বৈঠকত জি এছ টি পৰিষদে জিএছটিৰ নতুন নিৰীখত স্বাক্ষৰ কৰে।
উল্লেখ্য যে বহু মূল্যৱান আৰু প্ৰয়োজনীয় সামগ্ৰীৰ ওপৰত জি এছ টি হ্ৰাস কৰাৰ বিপৰীতে ধপাতজাতীয় সামগ্ৰীৰ ওপৰত ৪০ শতাংশ জি এছ টি আৰোপ কৰা হৈছে।
জি এছ টিৰ নতুন গাঁথনিত এইবোৰ হ’ব ব্যয়বহুল সামগ্ৰী। কোৱা হৈছে যে সমাজ আৰু স্বাস্থ্যৰ বাবে ক্ষতিকাৰক সকলো সামগ্ৰী এই তালিকাত ৰখা হ’ব। ইয়াৰ ভিতৰত ধঁপাত, গুটখা, পান মছলা, মদ আৰু শীতল পানীয় আদি অন্তৰ্ভুক্ত।
কিন্তু কিয় এই বিশেষ কৰ আৰোপ কৰা হৈছে? সেই প্ৰেক্ষাপটত কোৱা হৈছে যে ইয়াৰ পূৰ্বে ২৮ শতাংশ কৰৰ লগতে অতিৰিক্ত ক্ষতিপূৰণৰ চেছ আৰোপ কৰা হৈছিল। ফলত মুঠ কৰ পৰিমাণ আছিল ৫৩ শতাংশ। এই ক্ষতিপূৰণৰ চেছ ২০২৬ চনৰ মাৰ্চ মাহৰ ভিতৰত বাতিল কৰা হ’ব। কিন্তু ৰাজহ ক্ষতিৰ পৰা হাত সাৰিবলৈ এইবোৰৰ ওপৰত ৪০ শতাংশ জি এছ টি আৰোপ কৰা হৈছে।
তদুপৰি স্বাস্থ্য আৰু সমাজৰ ওপৰত ক্ষতিকাৰক প্ৰভাৱ পেলোৱা সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ এইবোৰৰ ওপৰত অতিৰিক্ত কৰ আৰোপ কৰাৰ কথা চিন্তা কৰা হৈছে। অৱশ্যে ২০২৬ চনৰ মাৰ্চ মাহৰ পিছত এই জি এছ টি কাৰ্যকৰী হ’ব। সেয়েহে, বৰ্তমান চিগাৰেট বা ধঁপাতজাতীয় সামগ্ৰীৰ দাম বৃদ্ধি হোৱা নাই।
বিশ্বৰ বহু দেশৰ চৰকাৰে জনকল্যাণৰ লগতে ৰাজহ বৃদ্ধিৰ বাবে এনে সামগ্ৰীৰ ওপৰত অধিক কৰ আৰোপ কৰে। এই ক্ষতিকাৰক সামগ্ৰীসমূহৰ ওপৰত ভাৰতে ধাৰাবাহিকভাৱে সৰ্বাধিক জি এছ টি আৰোপ কৰি আহিছে।
সূত্ৰ অনুসৰি এতিয়াৰ পৰা জি এছ টিত মাত্ৰ ৫ শতাংশ আৰু ১৮ শতাংশ স্লেবহে থাকিব। ১২ শতাংশ আৰু ২৮ শতাংশ স্লেব বিলুপ্ত কৰা হৈছে। অনুমান কৰা হৈছে যে কমেও ১৭৫ টা অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য হ্ৰাস পাব। ৩৩টা জীৱন ৰক্ষাকাৰী ঔষধৰ জি এছ টি শূন্যলৈ হ্ৰাস কৰা হৈছে। বহু চিকিৎসা সামগ্ৰীৰ জি এছ টি হ্ৰাস কৰা হৈছে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে নৱৰাত্ৰিৰ প্ৰথম দিন অৰ্থাৎ ২২ ছেপ্টেম্বৰৰ পৰা নতুন জি এছ টি হাৰ কাৰ্যকৰী হ’ব।