মোডীৰ দিনত আৰ্থিক বৈষম্যৰ অভিলেখ : ভাৰতৰ মুঠ ধনৰ ৪০ শতাংশ ধন মাত্ৰ ১ শতাংশ ধনী লোকৰ হাতত!

পেৰিছ স্কুল অৱ ইকনমিক্সৰ অৰ্থনীতিবিদসকলৰ মতে, ভাৰতৰ মুঠ আয়ৰ ২২ শতাংশ কেৱল ধনী লোকসকলৰ আয়। আনহাতে, দেশৰ ৫০ শতাংশ জনসাধাৰণৰ আয় দেশৰ মুঠ আয়ৰ ১৫ শতাংশহে। প্ৰতিবেদন অনুসৰি জনগণৰ বাৰ্ষিক গড় আয় ৫৩ লাখ টকা। 

৪০ শতাংশ মানুহৰ গড় আয় অৰ্থাৎ মধ্যম শাৰীৰ আয় ১ লাখ ৬৫ হাজাৰ টকা। আৰু বাকী ১০ শতাংশ অৰ্থাৎ ধনী মানুহৰ গড় আয় ৪৮ কোটি টকা। যিটো ভাৰতৰ বাকী আয়ৰ দুহাজাৰ গুণতকৈও অধিক।

কিয় এই বৈষম্য? অৰ্থনীতিবিদসকলৰ মতে ইয়াৰ সম্ভাৱ্য কাৰণ হ’ব পাৰে নব্বৈৰ দশকলৈকে ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ দৰমহা বৃদ্ধিৰ পাৰ্থক্য। তেওঁলোকৰ মতে উপাৰ্জনৰ ক্ষেত্ৰত দেশৰ মধ্যবিত্ত শ্ৰেণীৰ লোকসকল দমন হৈয়েই আছে। উচ্চবৰ্গৰ মানুহৰ দৰে শিক্ষাৰ সুবিধা তেওঁলোকৰ নাই। কৰ ব্যৱস্থাৰ ওপৰতো নিম্ন আৰু মধ্যবিত্ত শ্ৰেণীৰ ওপৰত যথেষ্ট বোজা পৰিছে।

প্ৰতিবেদনত কোৱা হৈছে যে স্বাধীনতাৰ পিছৰ পৰা আশীৰ দশকৰ আৰম্ভণিলৈকে এই আৰ্থিক বৈষম্য বহু কম আছিল। তাৰ পিছত ক্ৰমান্বয়ে বৃদ্ধি পালে। কিন্তু ২০১৪-১৫ৰ পৰা ২০২২-২৩ চনৰ ভিতৰত ই চূড়ান্ত স্থানত উপনীত হয়।

অৰ্থনীতিবিদসকলে আশংকা কৰে যে, এনে আৰ্থিক বৈষম্যৰ বাবে ভাৰতত ক্ৰমান্বয়ে ধনী বা ‘প্লুট’ক্ৰেচি’ৰ শাসন প্ৰতিষ্ঠা হ’ব পাৰে। ফলত গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহ দুৰ্বল হৈ পৰিব। কিন্তু স্বাধীনতাৰ পিছত এই প্ৰতিষ্ঠানসমূহেই আছিল ‘আদৰ্শ’। কিন্তু সময়ৰ লগে এই প্ৰতিষ্ঠান সমূহ আপোচকামী হৈ পৰিছে। 

ইয়াৰ সমাধান হিচাপে অৰ্থনীতিবিদসকলে কয় যে দেশৰ ১৬৭ জন ধনী লোকৰ ওপৰত ২ শতাংশ হাৰত কৰ আৰোপ কৰা উচিত। দেশৰ শিক্ষা, স্বাস্থ্য আৰু পুষ্টিৰ ক্ষেত্ৰত ইয়াৰ পৰা পোৱা আয় ব্যৱহাৰ কৰি ব্যৱহাৰ কৰা উচিত। পেৰিছ স্কুল অৱ ইকনমিক্সৰ এই প্ৰতিবেদনে প্ৰকৃততে লোকসভা নিৰ্বাচনৰ পূৰ্বে মোডী চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছে। বিৰোধীসকলে দাবী কৰিছে যে মোডী চৰকাৰৰ নীতিয়ে দেশৰ ধনীলোকক  ধনী আৰু দৰিদ্ৰ লোকক অধিক দৰিদ্ৰ কৰি তুলিছে। এই প্ৰতিবেদন দাখিল কৰাৰ পিছত চিপিআইএমৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীয়ে পুনৰবাৰ নিজৰ এক্স হেণ্ডেলত এই বিষয়টোৰ প্ৰতি সঁহাৰি জনাইছে।

তেওঁ লিখিছে, “মোডীৰ অধীনত বৈষম্য বাঢ়িছে, আনকি ব্ৰিটিছ ঔপনিৱেশিক যুগকো অতিক্ৰম কৰিছে। দেশৰ মুঠ আয়ৰ ভিতৰত সৰ্বাধিক ধনী ১ শতাংশৰ অংশ ২২.৬ শতাংশ আৰু দেশৰ মুঠ ধনৰ ভিতৰত তেওঁলোকৰ অংশ ৪০.১ শতাংশ। কৰ্পৰেট-সাম্প্ৰদায়িক মিত্ৰজোঁটে ৰাষ্ট্ৰীয় সম্পদ লুটপাত কৰিছে। ধনীক অধিক ধনী আৰু দুখীয়াক অধিক দুখীয়া কৰি তোলা হৈছে।”