সংবিধান সংশোধনী বিধেয়কক লৈ দেশজুৰি চলি থকা তীব্ৰ বিতৰ্কৰ মাজতে এক চাঞ্চল্যকৰ প্ৰতিবেদন পোহৰলৈ আহিছে। এই বিধেয়কত উল্লেখ আছে যে কোনো অপৰাধমূলক গোচৰত যদি কোনোবাই ৩০ দিন কাৰাগাৰত বন্দী হয়, তেন্তে তেওঁক পদত্যাগ কৰিবলৈ বাধ্য কৰা হ’ব। এই নিয়ম প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী বা মন্ত্ৰীসকলৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব। বিৰোধীয়ে অভিযোগ কৰিছে যে মোদী চৰকাৰে এই বিধেয়কক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি ৰাজ্য চৰকাৰসমূহ উফৰাই পেলাবলৈ চেষ্টা কৰিছে। এনে পৰিস্থিতিত দেখা গৈছে যে দেশৰ মুঠ ৩০ গৰাকী মুখ্যমন্ত্ৰীৰ ভিতৰত ১২ গৰাকীৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ আছে, যিটো মুঠ মুখ্যমন্ত্ৰীসকৰ ৪০ শতাংশ।
প্ৰতিবেদন অনুসৰি, সৰ্বাধিক গোচৰ থকা মুখ্যমন্ত্ৰী হৈছে তেলেংগানাৰ ৰেৱন্ত ৰেড্ডী, যাৰ বিৰুদ্ধে ৮৯টা গোচৰ। দ্বিতীয় স্থানত আছে তামিলনাডুৰ এম কে ষ্টেলিনৰ ৪৭টা গোচৰ। এন ডি এৰ অংশীদাৰ অন্ধ্ৰপ্ৰদেশৰ চন্দ্ৰবাবু নাইডুৰ বিৰুদ্ধে ১৯টা, কৰ্ণাটকৰ সিদ্দাৰমৈয়াৰ ১৩টা, ঝাৰখণ্ডৰ হেমন্ত ছ’ৰেনৰ ৫টা, মহাৰাষ্ট্ৰৰ দেৱেন্দ্ৰ ফাদনভিছৰ ৪টা, হিমাচল প্ৰদেশৰ সুখৱিন্দৰ সিংৰ ৪টা, কেৰেলাৰ পিনাৰায়ী বিজয়নৰ ২টা আৰু পঞ্জাৱৰ ভগৱন্ত মানৰ ১টা অপৰাধমূলক গোচৰ আছে। ইয়াৰ উপৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্ত্ৰীসভাৰ ৭১ জন মন্ত্ৰীৰ ভিতৰত ২৮ জনৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ চলি আছে।
বুধবাৰে লোকসভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই ১৩০ সংখ্যক সংবিধান সংশোধনী বিধেয়ক উত্থাপন কৰিব। বিধেয়কত কোৱা হৈছে যে গুৰুতৰ অপৰাধত গ্ৰেপ্তাৰ হৈ ৩০ দিন কাৰাগাৰত থকাৰ পিছত পদত্যাগ কৰিব লাগিব, যদিও মুক্তিৰ পিছত পুনৰ পদ লাভ কৰিব পাৰিব।
বিৰোধী দলসমূহে এই বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰিছে। তৃণমূল কংগ্ৰেছৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীয়ে তেওঁৰ এক্স হেণ্ডেলত লিখিছে যে চৰকাৰে সাংবিধানিক কৰ্তব্য পালনৰ পৰিৱৰ্তে ক্ষমতা আৰু ধনৰ প্ৰতি আগ্ৰহী। তেওঁ দাবী কৰিছে যে এই বিধেয়ক ৰাজ্য চৰকাৰসমূহ উফৰাই গণতন্ত্ৰ ধ্বংস কৰাৰ প্ৰয়াস। বেনাৰ্জীয়ে লগতে কয় যে নিৰ্বাচন আয়োগৰ অপব্যৱহাৰ ব্যৰ্থ হোৱাৰ পিছত এতিয়া ইডিৰ সহায়ত বিৰোধীক লক্ষ্য কৰা হৈছে।
এই প্ৰতিবেদন আৰু বিধেয়কৰ বিতৰ্কই দেশৰ ৰাজনৈতিক পৰিস্থিতিক আৰু উত্তপ্ত কৰি তুলিছে।