• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেশৰ ৪০ শতাংশ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ! বিস্ফোৰক তথ্য কেন্দ্ৰৰ  প্ৰতিবেদনত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 23, 2025 9:30 pm
44
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সংবিধান সংশোধনী বিধেয়কক লৈ দেশজুৰি চলি থকা তীব্ৰ বিতৰ্কৰ মাজতে এক চাঞ্চল্যকৰ প্ৰতিবেদন পোহৰলৈ আহিছে। এই বিধেয়কত উল্লেখ আছে যে কোনো অপৰাধমূলক গোচৰত যদি কোনোবাই ৩০ দিন কাৰাগাৰত বন্দী হয়, তেন্তে তেওঁক পদত্যাগ কৰিবলৈ বাধ্য কৰা হ’ব। এই নিয়ম প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী বা মন্ত্ৰীসকলৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব। বিৰোধীয়ে অভিযোগ কৰিছে যে মোদী চৰকাৰে এই বিধেয়কক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি ৰাজ্য চৰকাৰসমূহ উফৰাই পেলাবলৈ চেষ্টা কৰিছে। এনে পৰিস্থিতিত দেখা গৈছে যে দেশৰ মুঠ ৩০ গৰাকী মুখ্যমন্ত্ৰীৰ ভিতৰত ১২ গৰাকীৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ আছে, যিটো মুঠ মুখ্যমন্ত্ৰীসকৰ ৪০ শতাংশ।

প্ৰতিবেদন অনুসৰি, সৰ্বাধিক গোচৰ থকা মুখ্যমন্ত্ৰী হৈছে তেলেংগানাৰ ৰেৱন্ত ৰেড্ডী, যাৰ বিৰুদ্ধে ৮৯টা গোচৰ। দ্বিতীয় স্থানত আছে তামিলনাডুৰ এম কে ষ্টেলিনৰ ৪৭টা গোচৰ। এন ডি এৰ অংশীদাৰ অন্ধ্ৰপ্ৰদেশৰ চন্দ্ৰবাবু নাইডুৰ বিৰুদ্ধে ১৯টা, কৰ্ণাটকৰ সিদ্দাৰমৈয়াৰ ১৩টা, ঝাৰখণ্ডৰ হেমন্ত ছ’ৰেনৰ ৫টা, মহাৰাষ্ট্ৰৰ দেৱেন্দ্ৰ ফাদনভিছৰ ৪টা, হিমাচল প্ৰদেশৰ সুখৱিন্দৰ সিংৰ ৪টা, কেৰেলাৰ পিনাৰায়ী বিজয়নৰ ২টা আৰু পঞ্জাৱৰ ভগৱন্ত মানৰ ১টা অপৰাধমূলক গোচৰ আছে। ইয়াৰ উপৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্ত্ৰীসভাৰ ৭১ জন মন্ত্ৰীৰ ভিতৰত ২৮ জনৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ চলি আছে।

Apply Now

বুধবাৰে লোকসভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই ১৩০ সংখ্যক সংবিধান সংশোধনী বিধেয়ক উত্থাপন কৰিব। বিধেয়কত কোৱা হৈছে যে গুৰুতৰ অপৰাধত গ্ৰেপ্তাৰ হৈ ৩০ দিন কাৰাগাৰত থকাৰ পিছত পদত্যাগ কৰিব লাগিব, যদিও মুক্তিৰ পিছত পুনৰ পদ লাভ কৰিব পাৰিব।

বিৰোধী দলসমূহে এই বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰিছে। তৃণমূল কংগ্ৰেছৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীয়ে তেওঁৰ এক্স হেণ্ডেলত লিখিছে যে চৰকাৰে সাংবিধানিক কৰ্তব্য পালনৰ পৰিৱৰ্তে ক্ষমতা আৰু ধনৰ প্ৰতি আগ্ৰহী। তেওঁ দাবী কৰিছে যে এই বিধেয়ক ৰাজ্য চৰকাৰসমূহ উফৰাই গণতন্ত্ৰ ধ্বংস কৰাৰ প্ৰয়াস। বেনাৰ্জীয়ে লগতে কয় যে নিৰ্বাচন আয়োগৰ অপব্যৱহাৰ ব্যৰ্থ হোৱাৰ পিছত এতিয়া ইডিৰ সহায়ত বিৰোধীক লক্ষ্য কৰা হৈছে।

এই প্ৰতিবেদন আৰু বিধেয়কৰ বিতৰ্কই দেশৰ ৰাজনৈতিক পৰিস্থিতিক আৰু উত্তপ্ত  কৰি তুলিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ ইষ্ট নাওৰ সাংবাদিক, অনুবাদক ই-মেইল[email protected]

Stay Connected

  • 117k Fans

Recent News

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

July 26, 2026 6:45 am
ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

July 26, 2026 6:45 am
ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd