অসমখন গৰমে কেনেকৈ দহিছে! আমি সকলো বৰষুণৰ বাবে ৰৈ আছোঁ।পথাৰত পানী নাই।খেতিয়কে খেতি কৰিব পৰা নাই।তেনে সময়তে চৰকাৰে উচ্ছেদ আৰম্ভ কৰিছে।আজি কেইদিনমান আগতে মই মোৰ সতীৰ্থ কেইজনমানৰ লগত গোৱালপাৰাৰ বিদ্যাপুৰ আৰু হাচিলা বিলৰ উচ্ছেদৰ সম্ভেদ ল’বলৈ গৈছিলোঁ।প্ৰশাসনে মানুহবোৰৰ ঘৰ বোৰ ভাঙি পেলাইছে, কিন্তু মানুহবোৰ এতিয়াও তাৰ পৰা আঁতৰি যোৱা নাই।সেইলৈয়ে কালি তাত মানুহ মৰিছে।ইমানদিনে থকা ঠাই টুকুৰা এৰি তেওঁলোক যায়নো ক’লৈ? উচ্ছেদ বিষয়টো বুজা ইমান সহজ নহয়।তাৰ বহু কেইটা দিশ।প্ৰথম কথা, অসমত বেছিভাগ জনজাতীয় লোকৰ নামত মাটিৰ পট্টা নাই, কিয়নো জনজাতীয় অঞ্চলৰ মাটিৰ গৰাকী পূৰ্বৰ পৰাই সমূহ/ সম্প্ৰদায়হে আছিল,ব্যক্তিগত মালিকানৰ কথাটো তাত নাছিল। চৰকাৰৰ মতে তেওঁলোকৰ নামত মাটি নাই মানে তেওঁলোক এতিয়া বেদখলকাৰী।এইবাৰ আহিল বাংলাদেশী।
আজি ৪০ বছৰে বাংলাদেশী, বাংলাদেশী শব্দ শুনি আমাৰ কাণ ঘোলা হৈ গৈছে।বৃটিছে নিজৰ স্বাৰ্থত যেনেকৈ চাহ বাগিছাত শ্ৰমিক হিচাপে ব্যৱহাৰ কৰিবলৈ ভাৰতৰ বিভিন্ন ঠাইৰ পৰা আদিবাসী লোক সকলক অসমলৈ আনিছিল, ঠিক তেনেকৈ অসমৰ চন পৰা সাৰুৱা মাটিতত খেতি কৰিবলৈ, সম্পূৰ্ণৰূপে বৃটিছৰ অৰ্থনৈতিক স্বাৰ্থত পূৰ্ববংগৰ পমুৱা মুছলমানক আনি অসমৰ মাটিত বহুৱা হৈছিল।চাহবাগানৰ পৰিসীমাৰ মাজত আৱদ্ধহৈ থকা বাবে আদিবাসী সকল গতিশীল নহয়। তেওঁলোক কি অৱস্থাত আছে আমি সকলোৱে দেখিছোঁ।আদিবাসী সকলতকৈ পমুৱা মুছলমানৰ অৱস্থা অলপ ভাল।কিয়নো তেওঁলোক গতিশীল আৰু তেওঁলোক বানপানীৰ লগত সহবাস কৰিব পাৰে।মাটি কাৰ নাই? আদিবাসী সকলৰ নাই? মাটি কাৰ নাই জনজাতীয় লোকৰ নাই। মাটি কাৰ নাই পমুৱা মুছলমান সকলৰ নাই।পমুৱা সকলৰ হাতত মাটি নথকাৰ এটা কাৰণ হ’ল তেওঁলোক চৰুৱা, নৈপৰীয়া, বান গৰাখহনীয় আক্ৰান্ত লোক।কিন্তু ঐতিহাসিক কাৰণতে, নিজৰ অস্তিত্বৰ কাৰণেই মাটিৰ প্ৰতি তেওঁলোকৰ এটা আকৰ্ষণ। তেওঁলোকে ক’ৰবাত ক’ৰবাত বেদখল কৰা নাই বুলিও ক’ব নোৱাৰি। কিন্তু অসমৰ কাল হ’ল অসম আন্দোলন।ছবছৰে আন্দোলন হ’ল।
আন্দোলনৰ সিদ্ধান্ত আহিল। চুক্তি হ’ল।বিদেশীৰ কি হ’ল?।একো নহ’ল। ছেগা-চোৰোকাকৈ দুই এটাক বহিস্কাৰ কৰিছে যিটো সকলো দেশৰ ক্ষেত্ৰতে হয়। কিন্তু বাংলাদেশী নেৰেটিভ বিক্ৰি কৰি ৰাজনীতিৰ বেপাৰ ৰমৰমীয়াকৈ চলি আছে আজি ৪০ বছৰে।এতিয়া যোৱা ৪০ বছৰৰ অসমৰ ভগা কাচ জোৰা লগাই চালে আমি কি দেখাপাওঁ? আৰু এতিয়া, সদৌ অসম ছাত্ৰ সন্থাৰ অৱস্থানে আমাক কি কয়? অসম আন্দোলনে অসমীয়া জাতিগঠন প্ৰক্ৰিয়া শক্তিশালী কৰিলে নে দুৰ্ৱল কৰিলে? এই যে চুকাফাৰ দিনৰ পৰা, শংকৰ মাধৱৰ দিনৰ পৰা, মোমাই তামুলী বৰবৰুৱাৰ দিনৰে পৰা অসমীয়াৰ বহুত্ব বিশিষ্ট, সংমিশ্ৰিত জাতি গঠনৰ প্ৰক্ৰিয়া এটা চলি আছিল, যিটোৰ কথা জ্যোতি প্ৰসাদ, বিষ্ণুৰাভা আৰু ভূপেন হাজৰিকাই বাৰে বাৰে কৈছিল তাত ভাঙোনটো আনিলে কোনো? অসম আন্দোলনে নহয়নে? মনত ৰাখিব অসম আন্দোলন প্ৰথমে কিন্তু বহিৰাগতৰ বিৰুদ্ধেহে আছিল? বিদেশী শব্দটো পিছৰ আৱিষ্কাৰ।অসম আন্দোলনৰ আৰম্ভণিৰ বতাহ মাৰোৱাৰী, বঙালীৰ বিৰুদ্ধেহে আছিল। প্ৰচলিত ধাৰণাটো আছিল-বঙালীয়ে অসমীয়াৰ চাকৰি আৰু মাৰোৱাৰীয়ে অসমীয়াৰ ব্যৱসায় দখল কৰে।কিন্তু অসম অন্দোলনত আৰ এচ এচৰ অনুপ্ৰৱেশে সমগ্ৰ আন্দোলনটোৰ গতিপথেই সলনি কৰি দিলে।সি হৈ পৰিল মূলতঃ মিঞা মুছলমান বিৰোধী।গতিকেই বাহিৰাগত গৈ বিদেশী আহিল।এইবাৰ দেখিবলৈও ভাল ক’বলৈও ভাল হ’ল।
কিন্তু প্ৰবজনৰ সমস্যাটো এটা জটিল সমস্যা নহয়নেকি? হয়।বৃহৎ পৰিমাণৰ পমুৱা বৃটিছে আনি অসমত বহুৱালে। তেওঁলোকৰ বংসবৃদ্ধি হ’ল। পমুৱাৰ জনসংখ্যাৰ প্ৰভাৱ স্থানীয় মানুহৰ ওপৰত পৰিল।জনজাতীয় আৰু পমুৱাৰ মাজত ক’ৰবাত ক’ৰবাত সংঘাতো হ’ল।এইবোৰ কথা কা আন্দোলনৰ সময়ত আকৌ ওলাল।কিন্তু এই সংঘাত আমি বাঢ়ি যাবলৈ দিম নে তাৰ এটা সমাধান কৰিম? ঠিক সেই পটভূমিতে ষষ্ঠ ধাৰাৰ কথাটো আহিছিল। অসমৰ এই বিবদামান সমস্যাবোৰৰ সমাধান অসম্ভৱ নহয়। অসম চুক্তি আৰু ষষ্ঠ ধাৰাৰ কমিটিৰ পৰামৰ্শ বোৰ চৰকাৰে কাৰ্যকৰী কৰিলে অসমীয়া মানুহৰ পৰিচয়ৰ আশংকা আৰু ধৰ্মীয় সংখ্যালঘূ সকলৰ নাগৰিকত্বৰ নিৰাপত্তাও সুনিশ্চিত হ’ব। সকলো শান্তিত থাকিব পাৰিব। কিন্তু তেতিয়া বাংলাদেশীৰ প্ৰশ্নটোলৈ ৰাজনীতি কৰাৰো মুদা মৰিব নহয়। সেইটো হ’বলৈ দিব নোৱাৰি নহয়! উচ্ছেদৰ লগত জড়িত আন এটা কথা হ’ল বনিয়াক মাটি দিয়া। বনজিৎ হুচেইনে প্ৰবন্ধ লিখি বুজাই দিছে কেনেকৈ চৰকাৰে অসমত থকা দু্ৰ্লভ খনিজ চিনাক্ত কৰি ইতিমধ্যে তাৰ নিলামৰো ব্যৱস্থা কৰিছে। তেওঁ কৈছে দলং নিৰ্মাণ, সৈন্য বাহিনীৰ চাউনী আৰু দুৰ্লভ খনিজ পোৱা ঠাইবোৰৰ মানচিত্ৰবোৰ মিলি যায়। তাৰ লগত মিলি যায় উচ্ছেদ কৰা অঞ্চলবোৰৰ মানচিত্ৰ। গতিকে বহু জাতিকৰ ব্যৱসায় আৰু উন্নয়ন আৰ্হি আৰু উচ্ছেদৰ সম্পৰ্কও নিগূঢ়।