মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে ঘোষণা কৰে যে ৰাজ্য চৰকাৰে বিভিন্ন বিভাগৰ ৪০ হাজাৰ যুৱক-যুৱতীক নিযুক্তিৰ বাবে ১০ অক্টোবৰৰ পৰা মেগা নিযুক্তি অভিযান আৰম্ভ কৰিব।
পশু চিকিৎসা, পৰ্যটন, আৰু শিক্ষা খণ্ডৰ ৪৮১ জন নতুন নিযুক্তিপ্ৰাপ্তক নিযুক্তি পত্ৰ আনুষ্ঠানিকভাৱে বিতৰণৰ সময়তে এই ঘোষণা কৰা হৈছে।
মুখ্যমন্ত্ৰীয়ে কয় যে এক লাখৰো অধিক চৰকাৰী নিযুক্তি প্ৰদানৰ প্ৰতিশ্ৰুতি পূৰণ কৰাৰ পিছত আমি স্বচ্ছ, মেধাভিত্তিক প্ৰক্ৰিয়াৰ জৰিয়তে ১০ অক্টোবৰৰ ভিতৰত মুঠ ১.৬০ লাখ মুঠ নিযুক্তিৰ লক্ষ্যৰে আগবাঢ়িছো।
এই অনুষ্ঠানৰ সময়ত ৪৪৩ জন পশু চিকিৎসা ক্ষেত্ৰ সহায়ক, ১২ জন পৰ্যটন উন্নয়ন বিষয়া, ২৩ জন ডায়েট প্ৰবক্তা, আৰু ৩ জন এছ চি ই আৰ টি সহকাৰী সঞ্চালকে নিযুক্তি পত্ৰ লাভ কৰিছে।
উল্লেখ্য যে এই অনুষ্ঠানত দৈনিক ১০ লাখ লিটাৰ গাখীৰ প্ৰক্ৰিয়াকৰণৰ লক্ষ্যৰে নৰ্থ-ইষ্ট ডেইৰী এণ্ড ফুডছ স্থাপনৰ বাবে ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন ব’ৰ্ডৰ সৈতে চুক্তিৱদ্ধ হোৱা বুলিও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে।
কণী আমদানিৰ ক্ষেত্ৰত অসমৰ নিৰ্ভৰশীলতাৰ ক্ষেত্ৰত তেওঁ কয় হাঁহ-কুমুৰা পালনৰ বাবে যদি মাত্ৰ ১০০০ উদ্যোগীয়ে আগবাঢ়ি আহে তেন্তে তিনি বছৰৰ ভিতৰত ৰাজ্যখনে দৈনিক এক কোটি কণী উৎপাদন কৰিব পাৰিব।
ইয়াৰ উপৰিও মুখ্যমন্ত্ৰী শৰ্মাই গৰুৰ গোবৰৰ পৰা বায়’গেছ আৰু বায়’-চিএনজি উৎপাদন, স্থানীয় গাহৰিৰ মাংস উৎপাদনৰ প্ৰসাৰত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়।