বেংকত টকা ৰখাটোৱেই আটাইতকৈ নিৰাপদ। বেছিভাগ মানুহেই এই বিশ্বাসৰ ওপৰত নিজৰ মূলধন বেংকত ৰাখে। কিন্তু এইবাৰ সেই বেংকতেই সংঘটিত হৈছে জালিয়াতি। গ্ৰাহকৰ আস্থা অৰ্জন কৰি ৪ কোটিৰো অধিক ধন প্ৰতাৰণা কৰিলে বেংকটোৰ এগৰাকী শীৰ্ষ বিষয়াই।
বুধবাৰে গভীৰ নিশা ভগ্নীৰ বিবাহ অনুষ্ঠানৰ পৰা বেংকৰ বিষয়াজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। আদালতত হাজিৰ কৰাৰ পিছত বৰ্তমান তেওঁ জেলৰ জিম্মাত আছে। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে।
সাক্ষী গুপ্তা ৰাজস্থানৰ কোটাৰ আই চি আই চি আই বেংক শ্ৰীৰাম নগৰ শাখাৰ ৰিলেচনশ্বিপ মেনেজাৰ আছিল। অভিযোগ অনুসৰি ২০২০ চনৰ পৰা ২০২৩ চনলৈ তেওঁ ৪১ জন গ্ৰাহকৰ ১১০ টা একাউণ্টৰ পৰা ৪.৫৮ কোটি টকা অবৈধভাৱে উলিয়ালে। আনকি তেওঁ ফোন নম্বৰ সলনি কৰিলে যাতে গ্ৰাহকে লেনদেনৰ বিষয়ে একো জানিব নোৱাৰে।
যদিও দুবছৰ ধৰি এই প্ৰৱঞ্চনা চলি আছিল, তথাপিও বেংকৰ কোনেও এই বিষয়ে কোনো ধাৰণা ল’ব পৰা নাছিল। এই খবৰ ১৮ ফেব্ৰুৱাৰীত পোহৰলৈ আহে। এজন গ্ৰাহকে বেংকলৈ আহি এফ ডিৰ বিষয়ে সোধা-পোছা কৰি বিষয়টো বেংক কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ কৰে। ইয়াৰ পিছতে বেংক কৰ্তৃপক্ষই থানাত এজাহাৰ দাখিল কৰে।
তদন্তকাৰী বিষয়া ইব্ৰাহিম খানে কয় যে, “বেংকৰ বিষয়াজনে তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ ফোন নম্বৰ এই একাউণ্টসমূহৰ সৈতে সংযোগ কৰি ৪ কোটিতকৈ অধিক ধন উলিয়াইছিল। আনকি তেওঁ এনে এটা ব্যৱস্থাও সৃষ্টি কৰিছিল যাৰ জৰিয়তে তেওঁ নিজৰ ফোনত অ’টিপি লাভ কৰিব পাৰিছিল আৰু একাউণ্টধাৰীয়ে কোনো ধৰণৰ প্ৰৱঞ্চনাৰ আভাস নাপালে।”
এই সন্দৰ্ভত আইচিআইচিআই বেংকে এক বিবৃতিত কয়, “আমাৰ বাবে আমাৰ গ্ৰাহকৰ স্বাৰ্থ সৰ্বোচ্চ। প্ৰৱঞ্চনামূলক কাৰ্যকলাপ আমাৰ দৃষ্টিগোচৰ হোৱাৰ পিছতহে আমি আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছিলো আৰু কৰ্মচাৰীজনক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ পিছতহে আমি আপোনালোকক আশ্বস্ত কৰিব বিচাৰিছো যে এই ঘটনাৰ ফলত ক্ষতিগ্ৰস্ত হোৱা সকলোকে ক্ষতিপূৰণৰ ব্যৱস্থা কৰা হৈছে।”