বিজেপিৰ শাসনত ভয়াবহ ৰূপত বৃদ্ধি পাইছে মহিলাসকলৰ বিৰুদ্ধে অপৰাধ

gang-rape

প্ৰতিনিধিত্বমূলক ছবি

বিজেপি নেতৃত্বাধীন চৰকাৰকেন্দ্ৰত শাসনাধিষ্ঠ হোৱাৰ পাছত বিগত ২টা বছৰত অসমত ৪,১৩০টা বলাৎকাৰৰ ঘটনা আৰু ১৫,০০০টা যৌতুক সম্পৰ্কীয় গোচৰ পঞ্জীয়ন হৈছে।

২০১৬ৰ লোকসভা নিৰ্বাচনৰ সময়ত বিজেপি চৰকাৰ ক্ষমতালৈ আহিলে জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা নিশ্চিত কৰাৰ আশ্বাস দিছিল, সেয়েহে এই তথ্যটো নিশ্চয় চৰকাৰখনৰ বাবে যথেষ্ট অস্বস্তিৰ কাৰণ হৈ পৰিব পাৰে।

অসমৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে ২৪ ছেপ্টেম্বৰত প্ৰকাশ কৰিছে যে সমগ্ৰ ৰাজ্যতেই ৪,১৩০ টা বলাৎকাৰ আৰু ১৫,৪৭০টা যৌতুক সম্পৰ্কীয় গোচৰ পঞ্জীয়ন হৈছে।

অগপৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ প্ৰশ্নৰ উত্তৰত পাটোৱাৰীয়ে এইদৰে কয়। ৰাজ্যিক গৃহ বিভাগৰো দায়িত্বত থকা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হকে পাটোৱাৰীয়ে উত্তৰ দিছিল।

ইয়াৰোপৰি, ২০১৪ৰ পৰা ২০১৬ৰ ভিতৰত ১৫,৭৪১ টা অপহৰণৰ গোচৰ, ৩২,২৪৮টা ডকাইতিৰ গোচৰ, ২,৪৩৮টা হত্যাৰ গোচৰৰ প্ৰতিৱেদন পোৱা গৈছে। এই সময়চোৱাতেই অন্ধবিশ্বাস আৰু ডাইনী সম্পৰ্কীয় ঘটনাত ২১টা হত্যাকাণ্ড সংঘটিত হৈছে।

তেওঁ আৰু কৈছে যে ২ বছৰৰ ভিতৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত ৭ গৰাকী নিৰাপত্তা বাহিনীৰ লোক নিহত আৰু ১৪ গৰাকী আহত হোৱাৰ পাছত নিৰাপত্তাৰক্ষী বাহিনীৰ হাতত বিভিন্ন সংগঠনৰ মুঠ ৫৬ জন সন্ত্ৰাসবাদী নিহত হৈছে।

পাটোৱাৰীয়ে আৰু জনাইছে যে গুৱাহাটীতেই সৰ্বমুঠ ১৬১টা বলাৎকাৰ, ৪৫৭টা যৌন হাৰাশাস্তি, ১,৫৪৪টা যৌতুক সম্পৰ্কীয় আৰু ১,৫৪৩টা অপহৰণৰ ঘটনা সংঘটিত হৈছে।