একেবিধ খাদ্যলৈ ঘৰৰ দুৱাৰ মুখত হাজিৰ ৪২ জন ডেলিভাৰী বয়! কাৰণ জানিলে আচৰিত হব আপুনিও

aa Food-Delivery-Boy

খাদ্য একেবিধেই, কিন্তু সেই একেবিধ খাদ্যই লৈ এঘৰ মানুহৰ দুৱাৰ মুখত হাজিৰ হ’ল ৪২ জনকৈ ডেলিভাৰী বয়।

অনলাইনত খাদ্যৰ ফৰমাইচ দিয়াটো এতিয়া এক সাধাৰণ কথা হৈ পৰিছে।

কিন্তু সেই সাধাৰণ কথাটোৱেই এঘৰ মানুহৰ বাবে জঞ্জালৰ কথা হৈ পৰিল।

ফিলিপাইনছৰ চেবু চহৰৰ এটি সাত বছৰীয়া শিশুৱে ঘৰত মাক নথকাৰ বাবে আইতাকৰ সৈতে আছিল।

দুপৰীয়া আইতাকে নাতিনীয়েক আৰু নিজৰ বাবে অনলাইনত খোৱাৰ ফৰমাইচ দিবলৈ ক’লে নাতিনীয়েকক।

সাত বছৰীয়া নাতিনীয়েকে ইয়াৰ পূৰ্বেও বহু বাৰ অনলাইনত খোৱাৰ ফৰমাইচ দিছে।সেয়ে আইতাকৰ নিৰ্দেশ পাই ৰং মনেৰে শিশুটিয়ে মোবাইল ফোনৰ জৰিয়তে খোৱাৰ ফৰমাইচ দিয়াত লাগিল।

কিন্তু ইণ্টাৰনেটৰ গতি মন্থৰ হৈ পৰা বাবে ফৰমাইচ নাযায়হে নাযায়।শিশুটিয়ে কথাটোৰ বিশেষ উৱাদিহ নাপাই বাৰে বাৰে ফৰমাইচ প্ৰেৰণ কৰি থাকিল।

এনেদৰে ৪২ বাৰ একেবিধ খাদ্যৰ বাবে ফৰমাইচ প্ৰেৰণ কৰা হৈ গ’ল।কিছুসময় পিছত ৪২ জন ডেলিভাৰী বয় আহি হাজিৰ হ’ল শিশুটিৰ ঘৰৰ দুৱাৰ মুখত।

প্ৰত্যেকৰে হাতত একে বিধেই খাদ্য।ঘটনা বিষম দেখি দিশহাৰা হৈ পৰিল শিশুটি আৰু তেওঁৰ আইতাক।ইমানবোৰ খাদ্য কোনে খাব? দামো ভৰিব লাগিব বহু বেছি।

এই ঘটনাৰ বিষয়ে অৱগত হৈ চুবুৰীয়া লোক এজনে সমগ্ৰ ঘটনা বৰ্ণাই এটা ফেচবুক লাইভ কৰিলে।

ফেচবুক লাইভ চাই বহুতে ৪২ জন ডেলিভাৰী বয়ে অনা খাদ্যৰে কিছু খাদ্য কিনাৰ ইচ্ছা ব্যক্ত কৰিলে।

আইতাক আৰু শিশুটি এইবাৰৰ বাবে ৰক্ষা পৰিল।

ইণ্টাৰনেটৰ মন্থৰ গতিৰ বাবে এনে ঘটনা বহুতৰে ক্ষেত্ৰত ঘটি আহিছে।

সেয়ে অনলাইন যোগে খাদ্যৰ ফৰমাইচ দিওঁতে আমি সকলোৱে নিশ্চয়কৈ সাৱধান হোৱা উচিৎ হব।