• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাজুলীত কাৰ্য্যসূচীৰ মাজতে হঠাতে অসুস্থ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰি

এন ই নাও নিউজ by এন ই নাও নিউজ
December 29, 2017 2:19 pm
মাজুলীৰ কাৰ্য্যসূচীত ভাগ লোৱা অৱস্থাত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰি।

মাজুলীৰ কাৰ্য্যসূচীত ভাগ লোৱা অৱস্থাত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰি।

419
VIEWS
Share on FacebookShare on Twitter

সম্প্ৰতি অসম ভ্ৰমণত থকা কেন্দ্ৰীয় জলসম্পদ, নদী উন্নয়ন তথা পথ যোগাযোগ মন্ত্ৰী নীতিন গাডকাৰি আজি হঠাতে মাজুলীৰ এটা কাৰ্য্যসূচীৰ মাজতে অসুস্থ হৈ পৰিছে। কেন্দ্ৰীয় মন্ত্ৰীজন মাজুলীত ল’ব লগীয়া বান আৰু গৰাখহনীয়া আঁচনি এখনৰ আধাৰশিলা স্থাপনত উপস্থিত আছিল।

চৰকাৰী সূত্ৰসমূহে কয় যে কাৰ্য্যসূচীটোৰ মাজভাগতে গাডকাৰিৰ হঠাতে মূৰ ঘূৰণি হয় আৰু অসুস্থ হৈ পৰে। সেই সময়ত মঞ্চৰ পৰা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাষণ দি আছিল। চিকিৎসক আহি কেন্দ্ৰীয় মন্ত্ৰীজনৰ ৰক্তচাপ আদিৰ লগতে সামগ্ৰিক স্বাস্থ্য পৰীক্ষা কৰাৰ পিছত ঔষধ প্ৰদান কৰে।

উল্লেখযোগ্য যে কেন্দ্ৰৰ দ্বাৰা গঠিত উচ্চ ক্ষমতাসম্পন্ন এখন কমিটিৰ অনুমোদনৰ ভিত্তিত ব্ৰহ্মপুত্ৰ ব’ৰ্ডে লোৱা এই আঁচনিখনৰ মুঠ বাজেট ২৩৩.৫৭ কোটি টকা।

আঁচনিখনত অনুমোদন জনোৱাৰ পূৰ্বে কমিটিৰ সদস্যসকলে দুই-তিনিবাৰকৈ নদীদ্বীপটো ভ্ৰমণ কৰিছিল আৰু তাৰ পিছতে গৰাখহনীয়া ৰোধৰ এই আঁচনিখনত অনুমোদন জনাইছিল। তাৰ ভিত্তিতে কেন্দ্ৰীয় চৰকাৰে মাৰ্চ, ২০১৭ ত আঁচনিখনত সন্মতি জনায়। ইয়াৰ বাবে প্ৰয়োজনীয় পুঁজি ডনাৰ মন্ত্ৰ্যালয়ৰ পৰা যোগান ধৰা হ’ব বুলি জানিব পৰা গৈছে।

মাজুলী বাসী তথা অসমৰ ৰাইজে আশা কৰিছে যে এই বৃহৎ আঁচনিখনৰ পিছত মাজুলীৰ গৰাখহনীয়া সমস্যাটোৰ এটা স্থায়ী সমাধান হ’ব পাৰে। যদিও অত বছৰে ব্ৰহ্মপুত্ৰ ব’ৰ্ডে লোৱা ভালেমান পদক্ষেপ ফোটোকাৰ ফেনত পৰিণত হৈছে, এই নতুন প্ৰয়াস তথা আঁচনিক লৈ দ্বীপবাসী অত্যন্ত আশাবাদী।

আনহাতে আজি মাজুলীত ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ স্থায়ী কাৰ্য্যালয়ৰো আধাৰশিলা স্থাপন কৰা হয়।

Recent News

সংকটৰ সময়ত সংবিধানেই দেশখনক ঐক্যবদ্ধ আৰু শক্তিশালী কৰি ৰাখে; মন্তব্য মুখ্য ন্যায়াধীশৰ

সংকটৰ সময়ত সংবিধানেই দেশখনক ঐক্যবদ্ধ আৰু শক্তিশালী কৰি ৰাখে; মন্তব্য মুখ্য ন্যায়াধীশৰ

থাইৰয়ড নিয়ন্ত্ৰণৰ বাবে উপকাৰী ৫ টা খাদ্য: পঢ়ক সবিশেষ…

থাইৰয়ড নিয়ন্ত্ৰণৰ বাবে উপকাৰী ৫ টা খাদ্য: পঢ়ক সবিশেষ…

‘শৃংখল চলিহা আৰু বীৰ লাচিত সেনাৰ ডাঙৰ মানুহৰ লগত যুদ্ধ কৰিবলৈ সাহস নাই’, কৃষক নেতা বিদ্যুৎ শইকীয়াৰ মন্তব্য

‘শৃংখল চলিহা আৰু বীৰ লাচিত সেনাৰ ডাঙৰ মানুহৰ লগত যুদ্ধ কৰিবলৈ সাহস নাই’, কৃষক নেতা বিদ্যুৎ শইকীয়াৰ মন্তব্য

অপাৰেশ্যন সিন্দুৰ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰি কাৰাগাৰৰ আলহী হ’ল সুন্দৰী!

অপাৰেশ্যন সিন্দুৰ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰি কাৰাগাৰৰ আলহী হ’ল সুন্দৰী!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd