চৰ উন্নয়ন বিভাগত সংঘটিত হৈছে ৪৫.৩৬ কোটি টকাৰ দুৰ্নীতি; সংখ্যালঘু ছাত্ৰ সন্থা

আৰ টি আইয়ে তথ্য নিদিয়াৰো অভিযোগ উত্থাপন ছাত্ৰ সংগঠনটোৰ

চররর

সংবাদ মেলৰ দৃশ্য

অসম চৰকাৰৰ চৰ উন্নয়ন সঞ্চালকালয়ত সংঘটিত হৈছে ৪৫ কৌটি ৩৬ লাখ টকাৰ দুৰ্নীতি। এই অভিযোগ উত্তৰ পুৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাৰ৷

দিছপুৰ প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদ মেলত এই অভিযোগ উত্থাপন কৰে সংগঠনটোৱে।

সংবাদ মেলত সন্থাই আৰু কয় যে ২০১৭- ১৮ আৰু ২০১৮-১৯ দুটা বিত্ত বৰ্ষত ক্ৰমে ২১ কোটি ৬০ লাখ আৰু ২৩ কোটি ৭৬ লাখ টকা মন্ত্ৰী ৰঞ্জিত দত্তৰ চৰ উন্নয়ন সঞ্চালকালয়ে আৱন্টন দিছিল৷

সেই অনুসৰি ২০১৭-১৮ আৱন্টিত পূজিৰে চৰৰ ৰাইজৰ উন্নয়নৰ বাবে ১৪৭৯ টা তাৰা হেণ্ড পাম্প আৱন্টন দিছিল তাৰে ৭৬৩টা বিতৰণ কৰা হয়। দ্বিতীয়তে ৩৬৮৬টা আৱন্টন দি ১৫৩০টা বিতৰণ আৰু ৫৬১ খন ই ৰিস্কা আৱন্টন দি ৯০ খন বিতৰণ কৰা বুলি আৰটিআই তথ্যত উল্লেখ কৰিছে৷

সন্থাই লগতে প্ৰকাশ কৰে  ২০১৮-১৯ বিত্ত বৰ্ষত বিভাগটোৱে চৰ ৰাইজৰ উন্নয়নৰ বাবে আৱন্টন দিয়া নিৰ্ধাৰিত পুঁজিৰে ১২ হাজাৰখন চাইকেল, ৩২৫০টা চিলাই মেচিন, ৪৭৩৪টা সৌৰ চাকি, ১৪৭০ টা হেণ্ডপাম্প আৰু ১৬৮৩৫ টা ছাতি বিতৰণ কৰা তথ্য আৰটিআই জৰিয়তে তথ্য লাভ কৰা কথা জানিবলৈ দিয়ে৷

সংগঠনটোৱে সংবাদিকক জনায় যে বিভাগে যোগান ধৰা আৰটিআই তথ্যৰ ভিত্তিত বিতৰণ কৰা সমগ্ৰীসমূহৰ বিপৰীতে হিতাধিকাৰীৰ নাম ঠিকনা জনাবলৈ বিভাগক পুনৰ আৱেদন কৰাত বিভাগে সেই তথ্য সংগঠনটোক যোগান ধৰিব নোৱাৰিলে ৷

ইতিমধ্যে দুবাৰ কৈ আবেদন কৰিও হিতাধিকাৰীৰ তালিকা লাভ নকৰাত সংগঠনটোৱে সন্দেহ প্ৰকাশ কৰিছে।

শূন্য সহনশীলতাৰ কথা কোৱা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ দিনত মন্ত্ৰী ৰঞ্জিত দত্তৰ চৰ উন্নয়ন সঞ্চালকালয়ত ৪৫ কোটি ৩৬ লাখ টকাৰ আত্মসাতৰ অভিযোগ তুলিছে নেমচুৰ সভাপতি ইচলামে ৷

ইফালে সমগ্ৰ ঘটনাৰ উচ্চস্তৰীয় তদন্তৰ বুলি দাবী জনায় সংগঠনটোৱে।

আজি দুৰ্নীতি নিবাৰক শাখাত বিভাগৰ বিৰুদ্ধে এক গোচৰ তৰিব বুলিও সংবাদমেলত উল্লেখ কৰে ৷

সংবাদ মেলত সংগঠনটোৰ সাধৰন সম্পাদক ৰেকিবুদ্দিন আহমেদ,সহ সাংগঠিক আমিৰ ইচলাম উপস্থিত থাকে ৷