NORTHEAST NOW (Assamese)

অসমত ৪৫৯৩ নতুন ক’ভিড আক্ৰান্ত, পজিটিভৰ হাৰ ৩.২%লৈ হ্ৰাস

August 12, 2020 11:08 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ছবি

৪৫৯৩গৰাকী ব্যক্তি অসমত বুধবাৰে ক’ভিড১৯ আক্ৰান্ত চিনাক্ত হৈছে, কিন্তু পজিটিভৰ হাৰ ৩.২ শতাংশলৈ হ্ৰাস পাইছে।

ইয়াৰ ভিতৰত আছে কামৰূপ মহানগৰৰ ৬৩২, কামৰূপৰ ৪৬০, নগাঁৱৰ ৩৩৫ আৰু ডিব্ৰুগড়ৰ ২৬৫গৰাকী ব্যক্তি।

যোৱা ২৪ ঘণ্টাত অসমত এতিয়ালৈকে সৰ্বাধিক ১৪৩১০৯টা ক’ভিড টেষ্ট সম্পন্ন হৈছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

অসমৰ স্বাস্থ্য বিভাগে অহা ১২ আগষ্টৰ পৰা দিনে এক লাখ ক’ভিড টেষ্টৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল।

ক’ভিড মহামাৰীৰ সৈতে মোকাবিলাৰ ক্ষেত্ৰত টেষ্টক অগ্ৰাধিকাৰ দি এই প্ৰস্তুতি চলোৱা হৈছিল।

নতুনকৈ চিনাক্ত আক্ৰান্তসকলক ধৰি অসমত সক্ৰিয় ৰোগীৰ সংখ্যা ২৩,৭৬২লৈ বৃদ্ধি পাইছে।

ইফালে আৰু ছগৰাকী ক’ভিড ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে আৰু বুধবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ১৬১লৈ বৃদ্ধি পাইছে।

বিপৰীতে অসমত ৪৫,০৭৩গৰাকী ব্যক্তি ক’ভিডৰ পৰা আৰোগ্য হৈ চিকিৎসালয়ৰ পৰা মুকলি হৈছে।

অসমত এতিয়ালৈকে চিনাক্ত মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা ৬৮,৯৯৯ (।)

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

Related News