NORTHEAST NOW (Assamese)

আজি পুনৰ ওলাল ৪৭জন কোভিড-১৯পজিটিভ; ৰাজ্যত আক্ৰান্তৰ সংখ্যা ৫৯৫জনলৈ বৃদ্ধি

May 26, 2020 11:11 am · কল্পজ্যোতি শইকীয়া
Updated: May 26, 2020 11:38 am
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

ৰাজ্যত ৫৯৫ লৈ বৃদ্ধি পালে ক’ৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা।

এই মুহূৰ্তত ৪৭ গৰাকীকৈ লোক আক্ৰান্ত হৈছে মাৰাত্মক কোভিড-১৯ত।

টুইটাৰযোগে এই কথা উল্লেখ কৰিছে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

আক্ৰান্তসকলৰ ২১ গৰাকী গোলাঘাট, লখিমপুৰৰ ৪ গৰাকী, ৮গৰাকী মৰিগাঁৱৰ, ৩ গৰাকী গোৱালপাৰা, এগৰাকী হোজাই, এগৰাকী MMCHত, দুগৰাকী জিএম চিএইচত, দুগৰাকী কাৰ্বি আংলঙৰ আৰু নগাঁৱৰ পাঁচগৰাকী।

বৰ্তমান ৫২৬ গৰাকী লোক এই ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে তাৰ বিপৰীতে ৬২ জনক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে ৷

এতিয়ালৈ চাৰিগৰাকী মৃত্যু মুখত পৰিছে ৷

কালিৰ দিনটোত ৰাজ্যত ১৫৬ গৰাকী লোক কোভিড-১৯ পজিটিভ ত আক্ৰান্ত হৈছিল।

যোৱা ২৪ মে’ত ৩২ গৰাকী লোক ক’ৰ’ণাত আক্ৰান্ত হৈছিল।

যোৱা ২৩ মে দিনা ৮৭ গৰাকীকৈ লোকৰ দেহত ক’ৰ’ণাৰ উপস্থিতি পোৱা গৈছিল।

২২ মে” ৰ দিনা ২২ গৰাকীকৈ লোক আক্ৰান্ত হৈছে কোভিড-১৯ ত।

ৰাজ্যত পাঁচদিনৰ ভিতৰত তিনি শতাধিক লোক কোভিড-১৯ ত আক্ৰান্ত হৈছে।

যোৱা ২০ মেত ৩১ গৰাকীকৈ লোক এই কোভিড-১৯ ভাইৰাছৰ সংক্ৰমণ হৈছে।

ইয়াৰোপৰি, যোৱা ১৯ মে ত ৪২ গৰাকীকৈ লোকৰ দেহত এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি পোৱা গৈছিল।

উল্লেখযোগ্য যে, যোৱা ১৩ মে’ ৰ পৰা আজিলৈকে মুঠ ৫২০ গৰাকী লোক আক্ৰান্ত হৈছে এই মাৰাত্মক কোভিড-১৯ত।

Related News