• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

চাঞ্চল্যকৰ হত্যাকাণ্ড : তেলংগানা ৱাৰাঙ্গলৰ গাঁতৰ পৰা উদ্ধাৰ ৯ টাকৈ মৃতদেহ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 26, 2020 10:42 am

2 min read

Handcuff-1024x594-1140x570

প্রতিনিধিত্বমূলক ফটো

6.5k
VIEWS
Share on FacebookShare on Twitter

তেলংগানাৰ ৱালাঙ্গলত এটা গাঁতৰ পৰা ৯ টা মৃতদেহ উদ্ধাৰ কৰিছে স্থানীয় আৰক্ষীয়ে।

ঘটনাটোৱে ইতিমধ্যে তেলেংগানা সমগ্ৰ ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

আৰক্ষীৰ সূত্ৰৰ মতে সোমবাৰে উক্ত মৃতদেহকেইটা উদ্ধাৰ কৰে আৰক্ষীয়ে।

ইতিমধ্যে ঘটনা সংক্ৰান্তত গোৰেকুন্তা গাঁৱৰ পৰা সঞ্জয় যাদৱ নামৰ এজন ২৪ বছৰীয়া যুৱকক গ্ৰেপ্তাৰ কৰি আৰক্ষীৰ ছটা গোটে পৃথকে পৃথকে মাৰাথন জেৰা চলাইছে।

অভিযুক্ত সঞ্জয় যাদৱ বিহাৰৰ আৰু তেওঁ যোৱা ছটা বছৰে তেলেংগানাৰ উক্ত গাঁওখনত বাস কৰিছিল।

ৱাৰাঙ্গলৰ আৰক্ষী অধীক্ষক ভি ৰবীন্দ্ৰই সংবাদ মাধ্যমক কয় যে, অভিযুক্তই পূৰ্বে পৰিয়ালটোৰ সম্পৰ্কীয় এগৰাকী মহিলাৰ হত্যাৰ বিষয়টোক গাপ দিবলৈ এই হত্যাকাণ্ডটো সংঘটিত কৰিছে।

‘এটা হত্যাকাণ্ডক গাপ দিবলৈ তেওঁ ৯ টা হত্যাকাণ্ড সংঘটিত কৰিলে।’ আৰক্ষী অধীক্ষকে কয়।

‘হত্যাকাৰীয়ে খাদ্যত শ্লিপিং পিল মিহলাই দিয়ে আৰু সংজ্ঞাহীন হোৱাৰ পিছত লোককেইজনক টানি নি এটা গাঁতত পেলাই দিয়ে।’ আৰক্ষীয়ে কয়।

মৃত মাছুদ নামৰ লোকজন পশ্চিমবংগৰ পৰা প্ৰব্ৰজন কৰি যোৱা ২০ বছৰে তেলেংগানাত বাস কৰিছিল। মাছুদৰ লগতে পৰিবাৰ, জী আৰু ৩ বছৰীয়া নাতিকো হত্যা কৰা হৈছে।

এদিনৰ পিছতে পুনৰ মাছুদৰ দুই পুত্ৰ আৰু তেওঁলোকৰ সৈতে একেলগে কৰ্মৰত এজন বন্ধু আৰু অন্য দুজন লোকৰ মৃতদেহটো উক্ত গাটৰ পৰা উদ্ধাৰ কৰা হয়।

মৃতদেহকেইটাত আৰক্ষীয়ে কোনো আঘাতৰ চিহ্ন দেখা নাছিল আৰু ফৰেনছিক বিশেষজ্ঞই এয়া আত্মহত্যা নহয় বুলিও নিশ্চিত কৰে।

তদন্ত আৰু চিচিটিভি ফুটেজ পৰীক্ষা কৰি আৰক্ষীয়ে যাদৱক গ্ৰেপ্তাৰ কৰাৰ পিছতে যাদৱে উক্ত ৯ জন লোকক হত্যা কৰাৰ কথা স্বীকাৰ কৰে।

মাছুদৰ পত্নীৰ সন্ধানহীন ভতিজীক ৬ বছৰ পূৰ্বে যাদৱে হত্যা কৰিছিল আৰু মাছুদৰ পত্নীয়ে সন্ধানহীন ভতিজীৰ কথা আৰক্ষীক অৱগত কৰিম বুলি কোৱাৰ বাবেই পৰিয়ালটোৰ সৈতে ৯ জন লোকক হত্যা কৰাৰ বুলি যাদৱে আৰক্ষীৰ আগত স্বীকাৰ কৰিছে বুলি আৰক্ষীয়ে জনায়।

আৰক্ষীৰ মতে হত্যাকাৰী যাদৱে ছবছৰ পূৰ্বে হত্যা কৰা মহিলাগৰাকীৰ তিনি সন্তানৰ সৈতে চাৰি বছৰ ধৰি একেলগে আছিল।

পিছত মহিলাগৰাকীৰ এগৰাকী কন্যাৰ লগত যাদৱে সম্পৰ্কলৈ আহে।

এই কথা গম পাই মহিলাগৰাকীয়ে কন্যাৰ বিয়াৰ কথা পাতিবলৈ পশ্চিমবংগলৈ ৰে’লেৰ যাত্ৰা কৰে। উক্ত যাত্ৰা পথতে যাদৱে গাখীৰত শ্লিপিং পিল মিহলাই মহিলাগৰাকীক খোৱাই আৰু সংজ্ঞাহীন হোৱাৰ পিছত গলা মুচুৰি ট্ৰেইনৰ পৰা মহিলাগৰাকীৰ মৃতদেহটো পেলাই দিয়ে।

পিছত যাদৱে উভতি গৈ মহিলাগৰাকীৰ সন্তানসকলক কয় যে পশ্চিমবংগৰ পৰিয়ালৰ লগতে তেওঁ থাকি আহিল।

নিহত মাছুদৰ পত্নীয়ে দীৰ্ঘদিন মহিলাগৰাকীৰ সন্ধান নোপোৱাত আৰক্ষী জনোৱাৰ কথা কৈ অহাত যাদৱে তেওঁলোকক খাদ্যত শ্লিপিং টেবলেট মিহলাই হত্যা কৰে।

Recent News

সকলো বুথ পৰ্য্যায়ৰ কংগ্ৰেছ কৰ্মীয়ে নিজকে ৰিপুন বৰা বুলি ভাৱক : কংগ্ৰেছী মীৰা বৰঠাকুৰ

সকলো বুথ পৰ্য্যায়ৰ কংগ্ৰেছ কৰ্মীয়ে নিজকে ৰিপুন বৰা বুলি ভাৱক : কংগ্ৰেছী মীৰা বৰঠাকুৰ

অসমৰ শেষ সীমান্ত জাগুনত স্থাপন হ’ব অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ আস্থান

অসমৰ শেষ সীমান্ত জাগুনত স্থাপন হ’ব অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ আস্থান

২৩ জানুৱাৰিত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰিবলৈ সাজু অসম চৰকাৰ

২৩ জানুৱাৰিত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰিবলৈ সাজু অসম চৰকাৰ

IMG-20210119-WA0047

২০২১ৰ নিৰ্বাচনৰ পূৰ্বে অঙ্গনবাড়ী কৰ্মী সহায়িকাৰ দাবী পূৰ্ণ নকৰিলে তীব্ৰ আন্দোলনৰ হুংকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd