ভাষা আন্দোলনৰ প্ৰথম চহিদ মোজাম্মিল হকৰ ৪৭ সংখ্যক মৃত্যু তিথি; বৰপেটাত সোঁৱৰণ

mujammil hoque

ভাষা আন্দোলনৰ প্ৰথম চহিদ মোজাম্মিল হকৰ আজি ৪৭ সংখ্যক মৃত্যু তিথি উপলক্ষে বৰপেটা চহৰবাসীয়ে চহিদ গৰাকীক শ্ৰদ্বাৰে সোঁৱৰে।

এই উপলক্ষে আজি সন্ধিয়া সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ বৰপেটা নগৰ সমিতিৰ উদ্যোগত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়।

বৰপেটা চহৰৰ মুছলিমপট্টিস্থিত মহেন্দ্ৰ মোহন চৌধুৰীৰ প্ৰতিমূৰ্তিৰ কাষত অনুষ্ঠিত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ বিষয়ববীয়াসকল উপস্থিত থাকে।

ভাষা আন্দোলনৰ প্ৰথম চহিদ মোজাম্মিল হকৰ প্ৰতি চৰকাৰে যি সন্মান প্ৰদৰ্শন কৰিব লাগিছিল সেয়া নকৰাত আক্ষেপ প্ৰকাশ কৰি গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ জিলা সভাপতি আতিকুল হকে তেওঁৰ স্মৃতি চিৰযুগমীয়া কৰি ৰখাৰ উদ্দেশ্য চৰকাৰক বিশেষ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দাবী জনায়।