১৫-১৭ নৱেম্বৰলৈ গুৱাহাটীত সৰ্বভাৰতীয় পৰীক্ষা পৰিষদ সমূহৰ ৪৭ সংখ্যক সন্মিলন

WhatsApp Image 2018-11-12 at 1.01.37 PM

ফটো : নৰ্থ-ইষ্ট নাও

গুৱাহাটীত অনুষ্ঠিত হ’ব সৰ্বভাৰতীয় পৰীক্ষা পৰিষদ সমূহৰ ৪৭ সংখ্যক সন্মিলন। খানাপাৰৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অহা ১৫-১৭ নৱেম্বৰলৈ অনুষ্ঠিত হ’ব এই সন্মিলন।

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ আৰু মাধ্যমিক শিক্ষা পৰিষদ, অসমে এই সন্মিলনখনৰ আয়োজন কৰিছে। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সচিব কমল গগৈয়ে আজি এক সংবাদমেলযোগে এই কথা জানিবলৈ দিয়ে। পোন প্ৰথমবাৰৰ বাবে অসমত অনুষ্ঠিত হ’বলগীয়া এই সন্মিলনখনৰ বিষয়বস্তু হৈছে ‘পৰীক্ষা পৰিচালনাত সততা’।

কাউন্সিল অৱ ব’ৰ্ড অৱ স্কুল এডুকেশ্যন (Council of Board of School Education)এ প্ৰতিবছৰে অনুষ্ঠিত কৰি অহা এই সন্মিলনত চি বি এছ ই (CBSE), আই চি এছ ই (ICSE) ৰ উপৰি গ্ৰেইট ব্ৰিটেইন নেপাল, ভূটান, বাংলাদেশ আৰু চিংগাপুৰৰ পৰীক্ষা পৰিষদৰ প্ৰতিনিধিয়েও অংশগ্ৰহণ কৰিব।

উল্লেখ্য যে ১৫ নৱেম্বৰৰ পুৱা ১০ বজাত হ’বলগীয়া উদ্বোধনী অনুষ্ঠানত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী পল্লব লোচন দাস উপস্থিত থাকিব বুলি কমল গগৈয়ে জানিবলৈ দিয়ে।

আনহাতে অনুষ্ঠানত ‘পৰীক্ষা পৰিচালনাত সততা’ শীৰ্ষক বক্তৃতা প্ৰদান কৰিব অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই।

এই সন্মিলনখনে পৰীক্ষা পৰিচালনাৰ ক্ষেত্ৰত দিক নিৰ্দেশ কৰিবলৈ সক্ষম হ’ব বুলি সংসদৰ সচিব কমল গগৈয়ে আশা ব্যক্ত কৰে।