NORTHEAST NOW (Assamese)

৫০০০ৰ দিশে অসমত ক’ভিড মুক্তৰ সংখ্যা, আৰোগ্যৰ হাৰ ৬৯.৫৭%

June 27, 2020 10:43 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

৫৬৭গৰাকী নতুনকৈ ক’ভিড-১৯ মুক্ত ব্যক্তিৰে সৈতে অসমত মুঠ আৰোগ্য শনিবাৰে ৪৮১৪গৰাকীলৈ বৃদ্ধি পাইছে।

এইসকল ব্যক্তিক ধৰি অসমত ক’ভিড আৰোগ্যৰ হাৰে ৬৯.৫৭% স্পৰ্শ কৰিছে।

বৰ্তমান অসমত সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা হৈছে ২০৯২গৰাকী।

অসমত এতিয়ালৈকে ক’ভিড পজিটিভ চিনাক্ত ব্যক্তিৰ সংখ্যা হৈছে ৬৯১৯গৰাকী।

ইয়াৰে দহগৰাকীৰ মৃত্যু হোৱাৰ বিপৰীতে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

অসমত বিশেষকৈ গুৱাহাটী মহানগৰত শেহতীয়াকৈ ব্যাপক হাৰত ক’ভিড ৰোগী চিনাক্ত হোৱাটোৱে আতংকৰ সৃষ্টি কৰিছে।

ক’ভিড সংক্ৰমণ ৰোধৰ বাবে কামৰূপ মহানগৰ জিলাত দেওবাৰৰ পৰা ১৪ দিনৰ বাবে লকডাউন ঘোষণা কৰা হৈছে।

Related News