মহিলা হোমগাৰ্ডসহ পাঁচ আৰক্ষীৰ থানা ভিতৰৰ নৃত্যৰত ভিডিঅ’ ভাইৰেল; নিলম্বিত হ’ল সহকাৰী উপ পৰিদৰ্শক

WhatsApp-Image-2021-04-06-at-1.36.12-PM-640x430

এগৰাকী মহিলা হোমগাৰ্ডসহ পাঁচ আৰক্ষীয়ে থানাৰ ভিতৰত নৃত্য কৰি থকা এটা ভিডিঅ’ চ’ছিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে থানাখনৰ এগৰাকী আৰক্ষী সহকাৰী উপ পৰিদৰ্শক নিলম্বন কৰা হৈছে।

এই ঘটনাটো সংঘটিত হৈছে ওড়িশাৰ এখনত আৰক্ষী থানাত।

প্ৰকাশিত খবৰৰ মতে জয়পুৰ জিলাৰ পানীকলি আৰক্ষী থানাৰ ভিতৰত মহিলা হোমগাৰ্ডগৰাকীৰ সৈতে পাঁচগৰাকী আৰক্ষীয়ে ইউনিৰ্ফম পৰিধান কৰি এটা জনপ্ৰিয় ওড়িয়া গানত নাগিন নৃত্য কৰি থকাৰ এটা ভিডিঅ’ ভাইৰেল হৈছে।

আৰক্ষী থানাখনৰ আৰক্ষীৰ লোকসকলে হোলী উপলক্ষে হাত চাপৰি বজাই বজাই এইদৰে নাগিন নৃত্য কৰি থকা বুলি প্ৰকাশ পাইছে।

ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছতে জিলা আৰক্ষী প্ৰশাসনে ঘটনাটোৰ তদন্ত আৰম্ভ কৰে আৰু তদন্তৰ অন্তত থানাখনত কৰ্মৰত সহকাৰী আৰক্ষী উপ পৰিদৰ্শক সঞ্জয় দাসক আৰক্ষীৰ নিয়ম ভংগ কৰাৰ অপৰাধত চাকৰিৰ পৰা মংগলবাৰে নিলম্বন কৰা হৈছে।

আনহাতে ঘটনাটোৰ সৈতে জড়িত আন আৰক্ষীৰ বিৰুদ্ধেও পৰৱৰ্তী সময়ত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি প্ৰকাশ কৰিছে জয়পুৰ জিলা আৰক্ষী অধীক্ষকে।

“আমি এটা তদন্ত আৰম্ভ কৰিছো আৰু তদন্ত প্ৰতিবেদনৰ ভিত্তিত ঘটনাটোৰ সৈতে জড়িত আন আৰক্ষী কৰ্মীসকলৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰা হ’ব।” জিলাখনৰ আৰক্ষী অধীক্ষক ৰাহুল পি আৰে কয়।

উল্লেখ্য যে এগৰাকী অপৰিচিত ব্যক্তিয়ে উক্ত ভিডিঅ’টো চ’ছিয়েল মিডিয়াত পোষ্ট কৰি ভাইৰেল কৰে আৰু জিলা আৰক্ষী প্ৰশাসনে বিষটো গুৰুত্বসহকাৰে লৈ লগে লগে তদন্ত আৰম্ভ কৰে।