৫০ খন চহৰত ৫ জি সেৱা আৰম্ভ; ১.৭ জিবিৰ চলচ্চিত্ৰ ডাউনলোড হ’ব মাত্ৰ ২ ছেকেণ্ডত

5G service

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

এতিয়াও ভাৰতবৰ্ষত সম্পূৰ্ণকৈ ৪ জি সেৱা উপলব্ধ নহোৱাৰ সময়তে চুবুৰীয়া ৰাষ্ট্ৰ চীনৰ ৫০ খন চহৰত ৫ জি সেৱা মুকলি কৰি দিয়া হৈছে।

চীনৰ ৩ টা বৃহৎ চৰকাৰী টেলিকম প্ৰতিষ্ঠানে এই ৫ জি সেৱা আগবঢ়াইছে।

চীনে দেশখনৰ প্রধান চহৰ যেনে বেইজিং, ছংহাই, ছেংগেনকে ধৰি মুঠ ৫০ খন চহৰত মুকলি কৰি দিয়া ৫ জি সেৱাৰ প্ৰাথমিক মূল্য হৈছে ভাৰতীয় টকাৰ হিচাপত ১,২৯০ টকা।

চলিত বৰ্ষৰ জুন মাহত চীন চৰকাৰে ৫ জি সেৱা আৰম্ভ কৰাৰ বাবে সেউজ সংকেত প্ৰদান কৰিছিল।

চীনত ৫ জি সেৱা ব্যৱসায় মুকলি কৰি দেশখনৰ এম আই আই টি মন্ত্ৰী মাইঅ’ ৱেই বিদেশী প্ৰতিষ্ঠানসমূহক চীনৰ ৫ জি বজাৰত নিয়োগৰ বাবে আহ্বান জনায়।

চীনত ৫ জি সেৱাৰ লাইচেঞ্চৰ অধীনত চীন টেলিকম, চীন মোবাইল, চীন য়ুনিকম আৰু চীনৰ ৰেডিঅ’ আৰু টেলিভিছন সেৱা পৰিচালিত হ’ব।

চীনে য়ুজেন চহৰক বিশ্বৰ ভিতৰত প্ৰথমখন ৫ জি চহৰ হিচাপে নিৰ্মাণ কৰি তুলিছে।

য়ুজেন চহৰৰ চুকে-কোনে মানুহে হাইস্পীড ৫ জি ডাটা ব্যৱহাৰ কৰিব পাৰিব।

এই চহৰখনত ৪ জি সেৱাৰ তুলনাত ১০০ গুণ শক্তিশালী ইণ্টাৰনেট সেৱা উপলব্ধ হ’ব।

ইণ্টাৰনেট ব্যৱহাৰকাৰীয়ে ১.৭ জিবিৰ চলচ্চিত্ৰ এখন মাত্ৰ ২ ছেকেণ্ডৰ ভিতৰতে ডাউনলোড কৰিবলৈ সক্ষম হ’ব এই হাইস্পীড ডাটা ব্যৱহাৰ কৰি।

ভাৰততো ২০২০ চনৰ পৰা ৫ জি সেৱা মুকলি কৰাৰ সম্ভাৱনা আছে।