উইঘূৰ সম্প্ৰদায়ৰ গতিবিধি লক্ষ্য কৰিবলৈ চীনে স্থাপন কৰিলে ৫জি বেছ ষ্টেচন !উদ্বিগ্ন মানৱাধিকাৰ সংগঠন

চীনৰ চৰকাৰে দেশ খনৰ সংখ্যালঘু মুছলমান উইঘূৰ সম্প্ৰদায়ৰ লোকৰ ওপৰত চলাই অহা অত্যাচাৰৰ কাহিনীয়ে সমগ্ৰ বিশ্বকে জোকাৰি গৈছিল। উইঘূৰ লোকক চীনৰ চৰকাৰে বন্দী কৰি ৰখাৰ তথ্যও পোহৰলৈ আহিছিল। এনে সময়তে দেশ খনৰ জিনজিয়াং অঞ্চলত ৫জি বেছ ষ্টেচন মুকলি কৰাৰৰ কথাই নতুন বিতৰ্কৰ সূত্ৰপাত ঘটাইছে। মাৰ্কিন সংবাদ মাধ্যমৰ খবৰ অনুসৰি উইঘূৰসকলৰ গতিবিধি নিৰীক্ষণৰ বাবেই সেই স্থানত ৫জি বেচ ষ্টেচন স্থাপন কৰিছে ।উল্লেখ্য যোৱা মাহত, চীনৰ তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে ঘোষণা কৰিছিল যে সমগ্ৰ দেশত ব্যৱহৃত ৫জি বেচ ষ্টেচনৰ সংখ্যা ১.৯৬নিযুত অতিক্ৰম কৰিছে।

চৰকাৰী বিষয়া ৱাং পেঙ কয়, “উচ্চ মানৰ ঔদ্যোগিক ইণ্টাৰনেট নেটৱৰ্কে চীনৰ ৩০০ খনতকৈও অধিক চহৰ সামৰি লৈছে, ফলত পৰম্পৰাগত চীনা উদ্যোগসমূহৰ পৰিৱৰ্তন আৰু উন্নীতকৰণ ত্বৰান্বিত হৈছে।” জিনজিয়াঙত বেইজিঙে ২০১৯ চনৰ পৰাই ব্ৰডবেণ্ড চেলুলাৰ নেটৱৰ্কৰ বাবে ৫জি প্ৰযুক্তিৰ সম্প্ৰসাৰণৰ কাম আৰম্ভ কৰিছিল বুলি জানিব পৰা গৈছে। ৰেডিঅ’ ফ্ৰী এছিয়া (আৰএফএ)ৰ মতে জিনজিয়াঙত যিকোনো চীনা প্ৰদেশ বা স্বায়ত্তশাসিত অঞ্চলৰ আটাইতকৈ বেছি অঞ্চল আছে, যাৰ পৰিমাণ হৈছে ৬৪২,৮০০ বৰ্গ কিলোমিটাৰ ।

বিশেষজ্ঞসকলৰ মতে, “সমগ্ৰ অঞ্চলটোত ৫জি নেটৱৰ্ক ৰোলআউটে এক বিদ্যমান ব্যাপক ডিজিটাইজড প্ৰণালী বৃদ্ধি কৰিব যি নিৰীক্ষণ ড্ৰোন, মুখ চিনাক্তকৰণ কেমেৰা আৰু মোবাইল ফোন স্কেনৰ জৰিয়তে আৱাসীসকলৰ চলাচল নিৰীক্ষণ কৰে। মুখ্যতঃ মুছলমান জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে চীনৰ প্ৰচেষ্টাৰ অংশ হিচাপে এই কাম কৰা হৈছে” । ৱাল ষ্ট্ৰীট জাৰ্নেলৰ এজন সাংবাদিক জছ চিনে কয়, যে এনে ব্যৱস্থাই নিৰীক্ষণৰ মাত্ৰা আৰু দক্ষতা বৃদ্ধি কৰিব।