জানো আহক আই পি এল ইতিহাসৰ পাঁচগৰাকী সৰ্বাধিক ৰান সংগ্ৰহকাৰীৰ নাম

ফটো উৎস : ইণ্টাৰনেট

অহা ১৯ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হ’ব আই পি এলৰ ১৩ সংখ্যক ছিজন। ক’ৰ’না ভাইৰাছৰ বাবে এইবাৰ ভাৰতৰ বিপৰীতে য়ু এ ইত অনুষ্ঠিত হ’ব আই পি এল।

প্ৰতিযোগিতাখন বিদেশত অনুষ্ঠিত হ’লেও বৰ্তমান সময়ত সৰ্বাধিক চৰ্চাৰ বিষয় হৈ আছে আই পি এলৰ ইতিহাসত সৰ্বাধিক ৰান সংগ্ৰহকাৰী বেটছমেন কেইজনৰ নাম।

আই পি এল ইতিহাসত এতিয়ালৈকে দুগৰাকী ক্ৰিকেটাৰেহে ৫ হাজাৰৰো অধিক ৰান সংগ্ৰহ কৰিছে। কিন্তু ১৩ সংখ্যক ছিজনত এই তালিকাত আৰু তিনিজনৰ নাম সন্নিবিষ্ট হ’ব পাৰে।

আই পি এলত সবাটোকৈ অধিক ৰান সংগ্ৰহকাৰীৰ তালিকাৰ প্ৰথম স্থানত আছে বিৰাট কোহলী। ইফালে দ্বিতীয় স্থানত আছে সুৰেশ ৰাইনা।

সৰ্বাধিক ৰান সংগ্ৰহকাৰী বেটছমেন কেইজনৰ সবিশেষ ক্ৰমান্বয়ে তলত উল্লেখ কৰা হ’ল-

বিৰাট কোহলী : ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ হৈ খেলা কোহলীয়ে এই পৰ্যন্ত ১৭৭ খন মেচৰ ১৬৯টা ইনিংছৰ পৰা ৫৪১২ ৰান সংগ্ৰহ কৰিছে। তেওঁৰ নামত আছে পাঁচটা শতক আৰু ৩৬ টা অৰ্ধশতক।

সুৰেশ ৰাইনা : দ্বিতীয় স্থানত থকা ৰাইনাই ১৯৩ খন মেচত অংশ লৈ ১৮৯টা ইনিংছৰ পৰা ৫৩৯৮ ৰান সংগ্ৰহ কৰিছে। আই পি এলত ৰাইনাই এটা শতক আৰু ৩৮টা অৰ্ধশতক বনাইছে।

ৰোহিত শৰ্মা : মুম্বাই ইণ্ডিয়ানছ দলৰ অধিনায়ক ৰোহিত শৰ্মাই এই পৰ্যন্ত ১৮৮ খন মেচৰ ১৮৩টা ইনিংছত বেটিং কৰি ৪৮৯৮ ৰান সংগ্ৰহ কৰি তালিকাৰ তৃতীয় স্থানত আছে। ৰোহিতে এটা শতক আৰু ৩৬টা অৰ্ধশতক বনাইছে।

ডেভিড ৱাৰ্ণাৰ : ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হৈ খেলা অষ্ট্ৰেলিয়াৰ এইগৰাকী বিস্ফোৰক বেটছমেনে ১২৬ খন মেচৰ ১২৬টা ইনিংছৰ পৰা ৪টা শতক আৰু ৪৪টা অৰ্ধশতকেৰে ৪৭০৬ ৰান সংগ্ৰহ কৰিছে।

শিখৰ ধাৱান : তালিকাৰ পঞ্চম স্থানত থকা ধাৱানে এই পৰ্যন্ত ১৫৯ খন মেচৰ ১৫৮টা ইনিংছ খেলি ৪৫৭৯ ৰান সংগ্ৰহ কৰিছে। তেওঁৰ নামত আছে ৩৭টা অৰ্ধশতক।