NORTHEAST NOW (Assamese)

নিৰ্মীয়মান গুদামৰ দেৱাল খহি প্ৰাণহানি ৫ গৰাকী লোকৰ, ৯ জন আহত

July 15, 2022 8:51 pm · এন ই নাও নিউজ, গুৱাহাটী

দিল্লীৰ আলিপুৰ অঞ্চলত আজি বিয়লি সংঘটিত হৈছে এক ভয়াৱহ দুৰ্টনা। অঞ্চলটোত নিৰ্মীয়মান অৱস্থাত থকা এটা গুদামৰ দেৱাল খহি পৰাৰ ফলত কমেও পাঁচজন লোক নিহত হোৱাৰ লগতে আহত হৈছে ন জনকৈ লোক।

আহত লোকসকলক তাৎক্ষণিকভাৱে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে যদিও ইয়াৰে দুজনৰ স্বাস্থ্যৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে।

দিল্লী আৰক্ষীৰ এজন বিষয়াই জানিবলৈ দিয়া মতে দুৰ্ঘটনাস্থলীত বৰ্তমান উদ্ধাৰ অভিযান চলি আছে। খহি পৰা দেৱালৰ ধ্বংসস্তূপত আৰু কিছু লোক আৱদ্ধ হৈ আছে বুলি আশংকা কৰা হৈছে।

আৰক্ষী বিষয়া গৰাকীৰ ভাষ্য মতে উদ্ধাৰ অভিযানৰ বাবে চাৰিখন অগ্নি নিৰ্বাপক গাড়ী দুৰ্ঘটনা স্থলীলৈ ততাতৈয়াকৈ প্ৰেৰণ কৰা হয় আৰু কোনো পলম নকৰাকৈ উদ্ধাৰ অভিযান আৰম্ভ কৰা হয়।

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এই দুৰ্ঘটনাত দুখ প্ৰকাশ কৰিছে। তেওঁ লগতে দেৱাল খহি পৰাৰ পিছত সংঘটিত হোৱা এই শোকাৱহ পৰিস্থিতিৰ উদ্ধাৰ তথা সাহায্য প্ৰদানৰ কাম তদাৰক কৰি আছে বুলি জানিবলৈ দিয়ে।

“আলিপুৰত এটা অতি শোকাৱহ ঘটনা সংঘটিত হৈছে। জিলা প্ৰশাসন বৰ্তমান ঘটনাস্থলীত উদ্ধাৰ কাৰ্যত জড়িত হৈ আছে। মই উদ্ধাৰ প্ৰক্ৰিয়াৰ কাম তদাৰক কৰি আছো। ঘটনাত নিহত হোৱা ব্যক্তিসকলৰ আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা জনাইছো।”- এক টুইট যোগে কেজৰিৱালে কয়।

Related News