পূৰণ নহ’ল সেনাত ভৰ্তিৰ সপোন: ছিপাঝাৰত দ্ৰুতবেগী ট্ৰাকে প্ৰাণ ল’লে পাঁচজনৰ

Road Accident in Sipajhar

দুচকুত আছিল অসীম আশা, এদিন যোগ্য হিচাপে ভৰ্তি হ’ব নিৰাপত্তাৰক্ষী বাহিনীত। জনসাধাৰণৰ বাবে, দেশৰ বাবে আগবঢ়াব সেৱা! লগতে এটা চাকৰিৰ দ্বাৰা ঠন ধৰাই তুলিব ঘৰখনৰ অৰ্থনৈতিক অৱস্থা।

এই সপোন লৈয়ে পুৱাই উঠি ৰাজপথত নিতৌ কৰিছে দৌৰৰ অনুশীলন। কিন্তু এই সকলো সপোন চূৰমাৰ কৰি, সপোনৰ লগতে জীৱনো কাঢ়ি নিলে দ্ৰুতবেগী এখন ট্ৰাকে। ট্ৰাকৰ খুন্দাত মৃত্যুক সাবটিলে খাকী পোচাকৰ সপোন দেখা কেইজনমান কিশোৰে।

দৰং জিলাৰ ছিপাঝাৰত আজি পুৱা সংঘটিত হৈছে এই মৰ্মান্তিক দুৰ্ঘটনা। এখন দ্ৰুতবেগী ট্ৰাকৰ খুন্দাত নিহত হৈছে চাৰিজন কিশোৰসহ এগৰাকী মহিলাই। আনহাতে এই ভয়াৱহ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে আন দুজন লোক।

দৈনিক ৰুটিন অনুসৰি স্থানীয় কেইজনমান কিশোৰে দৌৰৰ অনুশীলনৰ বাবে ৰাজপথলৈ ওলাই যোৱাৰ সময়তে ছিপাঝাৰ আৰক্ষী থানাৰ ওচৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ঘটনা সংঘটিত হয়।

তীব্ৰবেগী ট্ৰাকৰ খুন্দাত তিনিজনৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে চিকিৎসাৰ বাবে গুৱাহাটীলৈ নিয়াৰ পথতে আন দুজনে মৃত্যুবৰণ কৰে।

আনহাতে গুৰুতৰভাৱে আহত আন দুজন বৰ্তমান সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে।

নিহত পাঁচজনৰে তিনিজনক জিন্টুমণি আহমেদ, ইন্দাদুল হক আৰু জয়মতী বৰুৱা বুলি চিনাক্ত কৰা হৈছে।

আনহাতে দুৰ্ঘটনা সংঘটিত কৰাৰ পিছতে ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেন ঘটনাস্থলীৰ পৰা পলায়ন কৰে বুলি জানিব পৰা গৈছে।

ইতিমধ্যে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰা হৈছে আৰু পলাতক চালকজনৰ সন্ধানত আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে বুলি জানিবলৈ দিছে।