মাজ আকাশত দুই বিমানৰ ভয়ংকৰ সংঘৰ্ষ, নিহত ৫ যাত্ৰী

Mid-air-plane-

এক ভয়ংকৰ বিমান দুৰ্ঘটনাই জোকাৰি গ’ল ফ্ৰান্সক।

মাজ আকাশত উৰি থকাৰ সময়তে দুখন বিমানে প্ৰচণ্ড জোৰেৰে আহি মুখা-মুখীকৈ খুন্দা মাৰে।

ফলত আকাশ মাৰ্গতে দুয়ো খন বিমান দ্বিখণ্ডিত হৈ পৰে।

ফ্ৰান্সৰ অসামৰিক বিমান পৰিবহণ দপ্তৰৰ সূত্ৰই প্ৰকাশ কৰা মতে DA40 নম্বৰৰ সৰু মাইক্ৰলাইট বিমান খনে দেশ খনৰ স্থানীয় সময় অনুসৰি বিয়লি ৪.৩০ বজাত ল’ছেচ অঞ্চলৰ পৰা উৰা মাৰে।

সৰু বিমান খনত যাত্ৰী আছিল ২ জন। ল’ছেচৰ পৰা বহু কিলোমিটাৰ নিলগত আন এখন টুৰিষ্ট বিমানৰ সৈতে মাইক্ৰলাইট বিমান খনৰ মুখা-মুখী সংঘৰ্ষ হয়।

প্ৰচণ্ড জোৰেৰে গতি কৰা বিমান দুখনৰ পাইলটে পৰিস্থিতি চম্ভালি লোৱাৰ পূৰ্বেই দুৰ্ঘটনাটো সংঘটিত হয়।

ফ্ৰান্সৰ চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে এই দুৰ্ঘটনাত দুয়োখন বিমানৰ পাঁচ জন যাত্ৰী নিহত হৈছে।

দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতেই বিমান দুখনৰ টুকুৰা বোৰ ফ্ৰান্সৰ এটা অঞ্চলত আহি পৰেহি।

ফলত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে। ৫০ খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে বহু সময় ধৰি চেষ্টা চলোৱাৰ অন্তত জুই নুমুৱাবলৈ সক্ষম হয়। উল্লেখ্য ফ্ৰান্সত প্ৰায়ে সৰু বিমানৰ দুৰ্ঘটনা সংঘটিত হৈ আহিছে।