উত্তৰাখণ্ডত অব্যাহত উত্তপ্ত পৰিস্থিতিঃ ৫ জন নিহত, আহত শতাধিক আৰক্ষী জোৱান

Uttarakhand Haldwani Violence

উত্তৰাখণ্ডৰ হালদ্বাণীত বৰহস্পতিবাৰে সংঘটিত হোৱা হিংসাত্মক পৰিস্থিতিৰ ভয়াৱহতাৰ পৰা এতিয়াও মুক্ত হোৱা নাই অঞ্চলটো। এই হিংসাত এতিয়ালৈকে প্ৰাণ হেৰুৱাইছে পাঁচজন লোকে। লগতে শতাধিক আৰক্ষী আহত হৈছে হিংসাত।

প্ৰকাশিত খবৰ অনুসৰি সংঘৰ্ষৰ ফলত চিকিৎসালয়ত ভৰ্তি হোৱাসকলৰ অধিকাংশই আছিল আৰক্ষী জোৱান। আনহাতে স্থানীয় মাদ্ৰাছা আৰু মছজিদ উচ্ছেদত জড়িত পৌৰসভাৰ বহু কৰ্মীও সংঘৰ্ষৰ ফলত চিকিৎসাধীন হ’বলগীয়া হৈছে।

সমগ্ৰ ৰাজ্যতে হাই এলাৰ্ট জাৰি কৰা হৈছে বুলি উত্তৰাখণ্ড চৰকাৰে নিশ্চিত কৰিছে। হিংসাত্মক পৰিস্থিতিৰ পিছত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হয়। লগতে প্ৰশাসনে নৈনিতালৰ সকলো বিদ্যালয়-মহাবিদ্যালয় বন্ধ কৰাৰ নিৰ্দেশ দিয়ে।

হিংসাত্মক পৰিস্থিতি বৃদ্ধি পোৱাৰ লগে লগে হালদ্বাণীৰ সকলো দোকান বন্ধ হৈ পৰে। ইতিমধ্যে অঞ্চলটোত ব্যাপক হাৰত নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে। ইফালে ঘটনাক লৈ উত্তৰ প্ৰদেশতো হাই এলাৰ্ট জাৰি কৰা হৈছে।

তদুপৰি বাহনসমূহৰ কঠোৰ পৰীক্ষাৰ লগতে কৰ্তৃপক্ষক ছ’চিয়েল মিডিয়াৰ কাৰ্যকলাপ নিৰীক্ষণ কৰিবলৈও নিৰ্দেশ দিয়া হৈছে। উল্লেখ্য যে সংঘৰ্ষৰ পিছতে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে জিলাখনত সান্ধ্য আইন জাৰি কৰাৰ লগতে শ্বুট অন চাইট আদেশ জাৰি কৰে।