NORTHEAST NOW (Assamese)

এইকেইটা লক্ষণে দেখা দিছে নেকি? হ’ব পাৰে ‘খাদ্যপ্ৰাণ খ’ৰ অভাৱ

March 19, 2023 5:45 pm · এন ই নাও নিউজ, গুৱাহাটী

স্নায়ুতন্ত্ৰৰ স্বাভাৱিক কামকাজত ভিটামিন বি ১২ তথা ‘খাদ্যপ্ৰাণ খ’ৰ ভূমিকা গুৰুত্বপূৰ্ণ।

এইবিধ ভিটামিনে মাইলিন (স্নায়ুৰ চাৰিওফালে গঠন হোৱা এটা অৱৰোধক স্তৰ বা আৱৰণ) সংশ্লেষণ আৰু হাড়ৰ মজ্জাত ৰক্তকণিকা পৰিপক্ক হোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

এই পুষ্টিকৰ উপাদানৰ অভাৱত শৰীৰত বিভিন্ন লক্ষণে দেখা দিব পাৰে। ভিটামিন বি ১২ ৰ অভাৱৰ ইংগিত দিয়া ৫ টা লক্ষণ ইয়াত উল্লেখ কৰা হ’ল:

ভাগৰুৱা, মূৰৰ বিষ আৰু মেজাজৰ সমস্যা :

শৰীৰত ভিটামিন বি ১২ৰ অপৰ্যাপ্ত পৰিমাণে অক্সিজেন প্ৰদানত বাধাৰ সৃষ্টি কৰাৰ লগতে স্বাভাৱিক ৰঙা তেজৰ উৎপাদন হ্ৰাস কৰি মেগাল’ব্লাষ্টিক এনিমিয়াৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ ফলত ভাগৰুৱা যেন লগা আৰু আনকি মূৰৰ বিষ হোৱাৰ লগতে মেজাজৰ পৰিৱৰ্তন হ’ব পাৰে।

গেষ্ট্ৰাইটিছৰ সমস্যা :

ভিটামিন বি ১২ ৰ অভাৱত পাচনতন্ত্ৰত প্ৰভাৱ পৰিব পাৰে। পুষ্টিকৰ উপাদানৰ অভাৱৰ বাবে আন্ত্ৰিক অংশত পৰ্যাপ্ত পৰিমাণৰ অক্সিজেন সোমাব নোৱাৰে যাৰ ফলত পাচনতন্ত্ৰৰ সমস্যা যেনে ডায়েৰিয়া, বমি, কোষ্ঠকাঠিন্য, পেট ফুলা আৰু ভোক কমি যায়।

ছালৰ সমস্যা :

ভিটামিন বি ১২ ৰ অভাৱত ৰক্তহীনতা হ’ব পাৰে। ইয়াৰ ফলত আপোনাৰ ছালত শেঁতা হালধীয়া ৰঙৰ ৰংকে ধৰি ছালৰ ৰং প্ৰভাৱিত হ’ব পাৰে।

মুখৰ ভিতৰত হোৱা সমস্যা :

ভিটামিন বি ১২ৰ অভাৱত ‘লিংগুৱেল পেৰেষ্টেছিয়া’ হ’ব পাৰে। এনে অৱস্থাত জিভা ফুলা বা জ্বলাপোৰা অনুভৱ হয়।

Related News