কৰ্ণাটকত এদিনতে পোৱালিসহ চাৰিটা বাঘৰ মৃত্যু হৈছে। একেলগে ইমানবোৰ বাঘৰ মৃত্যুত স্বাভাৱিকতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছেঃ। কৰ্ণাটকৰ বনমন্ত্ৰী ঈশ্বৰ খাদ্ৰেই ৫টা বাঘৰ অস্বাভাৱিক মৃত্যুৰ তদন্তৰ নিৰ্দেশ দিছে। তিনিদিনৰ ভিতৰত ঘটনা সন্দৰ্ভত তদন্তৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে বনমন্ত্ৰীগৰাকীয়ে।
বন বিভাগৰ তথ্য অনুসৰি এই ঘটনা সংঘটিত হৈছে কৰ্ণাটকৰ চামনগৰৰ এম এম হিলছ অভয়াৰণ্যত। বাঘৰ মৃতদেহৰ ওচৰত উদ্ধাৰ হৈছে এটা মৃত গৰু। প্ৰথম অৱস্থাত এই মৃত্যু খাদ্য বিষক্ৰিয়াৰ বাবেই হ’ব পাৰে বুলি ধাৰণা কৰা হৈছে।
মন্ত্ৰী খাদ্ৰেই এই ঘটনাক অতি দুখজনক আখ্যা দিয়ে। ঘটনাৰ তদন্তৰ বাবেও তেওঁ এটা দল গঠন কৰিছে। তেওঁ কয় যে যদি বন বিষয়াৰ অৱহেলাৰ বাবে এই মৃত্যু হৈছে তেন্তে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। তদুপৰি বিষক্ৰিয়া বা বিদ্যুৎস্পৃষ্টৰ ফলত যদি এই ঘটনা সংঘটিত হয়, তেন্তে এই ঘটনাৰ লগত জড়িতসকলক ৰেহাই দিয়া নহ’ব। এই ঘটনাৰ আঁৰত চোৰাংচিকাৰী আছে নে নাই সেই বিষয়েও তদন্ত চলি আছে।
মন কৰিবলগীয়া যে কৰ্ণাটকৰ এই অৰণ্যত মুঠ ৫৬৩ টা বাঘ আছে। সেই হিচাপে ই ভাৰতৰ দ্বিতীয় বৃহত্তম বাঘ সংৰক্ষিত বনাঞ্চল। বান্দীপুৰ, নগৰহোল আৰু বি আৰ টি টাইগাৰ ৰিজাৰ্ভৰ দৰে অঞ্চল বাঘৰ বাবে অতি সুৰক্ষিত বুলি বিবেচিত হৈছে। গতিকে তাত ইমানবোৰ বাঘৰ মৃত্যুৱে স্বাভাৱিকতে গাফিলতিৰ ইংগিত দিছে।