ভূলণ্ঠিত মানৱতা! দিল্লীত ৫ বৰ্ষীয় শিশুক ধৰ্ষণ কৰি প্ৰাণ ল’লে দুৰ্বৃত্তই

5-Year-Old Girl Raped Murdered In Delhi

মানৱ সমাজক লজ্জিত কৰা এক জঘন্য, বৰ্বৰ কাণ্ডই জোকাৰি গৈছে দেশৰ ৰাজধানী অঞ্চল দিল্লী। দেশত নাৰী সুৰক্ষাৰ ব্যৰ্থতাক চৰম ৰূপত উদঙাই তুলিছে এই কাণ্ডই। দুৰ্বৃত্তৰ চৰম জঘন্যতাৰ বলি হৈছে এটি পাঁচ বছৰীয়া কন্যা শিশু।

দিল্লীৰ বাৱানা অঞ্চলত যোৱা ২৪ মাৰ্চত সংঘটিত হৈছে এই ঘটনা। এটি ৫ বছৰীয়া শিশুক ধৰ্ষণ কৰি হত্যা কৰিছে এক দুৰ্বৃত্তই। হত্যাৰ পিছতে শিশুটিৰ মৃতদেহ এটা কাৰখানাত লুকুৱাই চহৰৰ পৰা পলায়ন কৰিছে অভিযুক্তই।

প্ৰকাশিত খবৰ অনুসৰি, ২৪ নিশা প্ৰায় ১০:২৭ বজাত দিল্লীৰ বাৱানা আৰক্ষী থানাই ১নং ছেক্টৰ বাৱানাৰ শিশুটিৰ অপহৰণ হোৱা বুলি এক ফোন কল লাভ কৰে। চাহৰ দোকান চলোৱা পিতৃ-মাতৃয়ে আৰক্ষীক অৱগত কৰা মতে, সন্ধিয়া প্ৰায় ৫ বজাত শিশুটিক শেষবাৰৰ বাবে দেখা পাইছিল।

পৰিয়ালে শিশুটিক বিচাৰিবলৈ পাৰ্যমানে চেষ্টা কৰিছিল যদিও তেওঁলোকৰ চেষ্টা অথলে যায়। ইয়াৰ পিছতে পৰিয়ালে এই সন্দৰ্ভত আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰে। পিছদিনা পুৱা ২৫ মাৰ্চত আৰক্ষীয়ে অঞ্চলটোৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰি এজন লোকৰ সৈতে খোজ কাঢ়ি যোৱা শিশুটিক দেখিবলৈ পায়।

শিশুটিৰ পিতৃ-মাতৃয়ে লোকজনক চিনি পাই তেওঁক টোটান বুলি চিনাক্ত কৰে। আৰক্ষীয়ে লগে লগে টোটানৰ সন্ধানত অভিযান চলায় যদিও তেতিয়ালৈকে তেওঁ নিজৰ বাসস্থানৰ পৰা পলায়ন কৰিছিল।

আৰক্ষীয়ে পিছত একাংশ শ্ৰমিকক সোধ-পোচ কৰি টোটানে নতুন দিল্লী ৰে’লৱে ষ্টেচনৰ পৰা হাওৰা অভিমুখী এখন ৰে’লত উঠিবলৈ যোৱা বুলি জানিব পাৰে। লগে লগে আৰক্ষীয়ে অভিযান চলায় যদিও তেওঁলোক উপস্থিত হোৱাৰ পূৰ্বেই ষ্টেচন এৰে ৰে’লখনে।

২৬ মাৰ্চৰ পুৱা এটা আৰক্ষীৰ দল কলকাতা বিমানবন্দৰলৈ ৰাওনা হয়। তাত উপস্থিত হোৱাৰ লগে লগে আছানছল ৰেল ষ্টেচনলৈ যোৱা ৰেলত উঠি টোটানে যাত্ৰা কৰা পূৰভা এক্সপ্ৰেছৰ বাবে অপেক্ষা কৰে। ৰে’লৰ পৰাই টোটানক গ্ৰেপ্তাৰ কৰি ২৭ মাৰ্চত তেওঁক পুনৰ দিল্লীলৈ অনা হয়।

আৰক্ষীৰ জেৰাত অভিযুক্ত টোটানে যোৱা ২৪ মাৰ্চৰ সন্ধিয়া প্ৰায় ৭:৩০ বজাত কিশোৰীগৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ লগতে বাৱনাৰ এটা কাৰখানাত মৃতদেহ পেলাই দিয়াৰ কথা স্বীকাৰ কৰে। জেৰাৰ অন্তত কিশোৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ লগতে হত্যাত ব্যৱহৃত ব্লেড আৰু ইটাও উদ্ধাৰ হয়।

ঘটনা সন্দৰ্ভত অধিক তথ্য উদঘাটনৰ বাবে আৰক্ষীয়ে টোটানক জেৰা অব্যাহত ৰখাৰ লগতে তেওঁৰ বিৰুদ্ধে উত্থাপিত গোচৰত POCSO আইনৰ লগতে ৩০২ আৰু ৩৭৬ ধাৰা সংযোজন কৰিছে বুলি সদৰী কৰিছে।