জ্বলিছে ইৰানঃ হিজাব বিৰোধী প্ৰতিবাদত ভাগ লোৱা ৫০ গৰাকীৰো অধিক প্ৰতিবাদকাৰীক গুলীয়াই হত্যা কৰিলে আৰক্ষীয়ে

 হিজাব পৰিধান নকৰা এগৰাকী যুৱতীৰ আৰক্ষীৰ জিম্মাত মৃত্যু হোৱাক কেন্দ্ৰ কৰি এতিয়া ইৰাণত ক্ষোভৰ জুই জ্বলিছে। মাহছা আমিনীনামৰ যুৱতীগৰাকীৰ মৃত্যুৰ পিছতে ৰাজপথলৈ আৰক্ষীৰ বিৰুদ্ধে ওলাই আহিছে হাজাৰ হাজাৰ প্ৰতিবাদকাৰী। প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে গুলীচালনাত কৰাত এতিয়ালৈকে ৫০ গৰাকী প্ৰতিবাদকাৰী নিহত হৈছে। প্ৰতিবাদকাৰীৰ আক্ৰমণত পাঁচজন সুৰক্ষা কৰ্মীও নিহত হৈছে।

এই দাবী অছলো স্থিত বেচৰকাৰী সংগঠন ‘ইৰাণ হিউমেন ৰাইটছ’ৰ । ইৰাণ চৰকাৰে দাবী কৰিছে যে চৰকাৰ বিৰোধী প্ৰতিবাদ চম্ভালিবলৈ যাওঁতে এতিয়ালৈকে আৰক্ষীৰ গুলীত ১৭ জন লোকহে নিহত হৈছে। অৱশ্যে, এনজিঅ’টোৱে দাবী কৰিছে যে চৰকাৰে প্ৰদান কৰা তথ্য শুদ্ধ নহয়। এনজিঅ’টোৱে লগতে দাবী কৰে যে ইৰানৰ কমেও ৮০ খন চহৰত মানুহে মানৱ অধিকাৰ আৰু মৌলিক অধিকাৰৰ দাবীত ৰাজপথলৈ ওলাই আহিছে। ছ’চিয়েল মিডিয়াত প্ৰচাৰিত ভিডিঅ’সমূহত ইৰানৰ ৰাজধানী তেহৰাণত ৰাজপথৰ ওপৰত বাহন জ্বলি থকা দেখা গৈছে। সন্ধিয়া নামি অহাৰ লগে লগে তেহৰাণৰ বিভিন্ন অঞ্চলত প্ৰতিবাদকাৰীৰ ভিৰ লাগিবলৈ ধৰে।

প্ৰতিবাদকাৰীসকলে চৰকাৰ বিৰোধী শ্ল’গান দিয়াৰ উপৰি চৰকাৰৰ প্ৰতিনিধিৰ পুত্তলিকা দাহ কৰাৰ লগতে হিজাবো দাহ কৰা দেখা গৈছিল। বহু ঠাইত প্ৰতিবাদকাৰীয়ে আৰক্ষীৰ ওপৰত শিলো নিক্ষেপ কৰে। আৰক্ষীৰ বাহনতো জুই লগোৱাদেখা গৈছে। চৰকাৰে যিকোনো মূল্যৰ বিনিময়তএ ই বিদ্ৰোহ উৎখাত কৰিবলৈ চেষ্টা কৰি আছে। ইৰাণৰ বিভিন্ন স্থানত বৃহৎ আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে। ইণ্টাৰনেটৰ ব্যৱহাৰৰ ওপৰতো কঠোৰ প্ৰতিবন্ধকতা আৰোপ কৰা হৈছে। ইৰাণ চৰকাৰে শুক্ৰবাৰৰ পৰা একেৰাহে তিনিদিনৰ বাবে ইণ্টাৰনেট সেৱা স্থগিত ৰাখিছে।

আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলৰ ওপৰত কন্দুৱা গেছ গেছ নিক্ষেপ কৰাৰ লগতে গুলীচালনাও কৰিছে। ইৰানৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইচিয়ে নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ সময়ত এক সংবাদ সন্মিলনত কয়: “চৰকাৰে প্ৰতিবাদ আৰু ধ্বংস বন্ধ কৰিবলৈ অধিক কঠোৰ হৈছে। যদি প্ৰয়োজন হয়, সঠিক ব্যৱস্থা ল’ব লাগিব। উল্লেখ্য হিজাব পৰিধান নকৰাকৈ ৰাস্তাত ওলাই যোৱাৰ বাবে মাহছাক আৰক্ষীয়ে “শাস্তি” হিচাপে আটক কৰিছিল।

২২ বছৰীয়া মাহছা ১৩ ছেপ্টেম্বৰত এখন গাড়ীত পৰিয়ালৰ সৈতে কুৰ্দিস্তানৰ পৰা ইৰানৰ ৰাজধানী তেহৰাণলৈ আহি আছিল। সেই সময়ত ইৰানী আৰক্ষীয়ে তেওঁলোকৰ গাড়ী ৰখাইছিল। হিজাব নিপিন্ধা বাবে মাহছাক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু আৰক্ষীৰ গাড়ীলৈ লৈ যোৱা হৈছিল। আৰক্ষীৰ জিম্মাতে মাহছাৰ মৃত্যু ঘটে।তেতিয়াৰ পৰা ইৰাণত অসন্তুষ্টিৰ জুই বিয়পি পৰিছে। ৰাস্তাত হিজাব জ্বলোৱাৰ পৰা মুৰৰ চুলি কাটি বহু মহিলাযযুৱতীয়ে প্ৰতিবাদ কৰি আহিছে। ইৰানৰ উত্তৰে থকা কুৰ্দিস্তানত প্ৰথমে মাহছাৰ মৃত্যুৰ প্ৰতিবাদ আৰম্ভ হৈ ক্ৰমান্বয়ে সমগ্ৰ দেশজুৰি বিয়পি পৰে।