ৰাজ্যৰ ৫০শতাংশ চাহ বাগিচাৰ হাস্পাতলত নাই এজনো চিকিৎসক : বিধায়ক দুৰ্গা ভুমিজ

durga bhumij

ফটো : নৰ্থইষ্ট নাও

‘’ৰাজ্যৰ ৫০ শতাংশ চাহ বাগিচাৰ হাস্পাতলত নাই এজনো চিকিৎসক।’’ দেওবাৰে গুৱাহাটীৰ প্ৰেছ ক্লাৱত অসম চাহ জনজাতি বিকাশ কমিটিৰ উপদেষ্টা তথা ডুম-ডুমাৰ বিধায়ক দুৰ্গা ভুমিজে এক সংবাদমেল সম্বোধন কৰি এই অভিযোগ কৰে।

তেওঁ কয়, ‘’বৰ্তমান সমগ্ৰ অসমত ১০০০খন পঞ্জীয়ন ভুক্ত চাহ বাগিচা আছে।  “প্লেনটেচন লেবাৰ এক্ট”ৰ মতে প্ৰতিখন বাগিচাত সকলোবোৰ সুবিধাযুক্ত এখনকৈ চিকিৎসালয় থাকিব লাগে। কিন্তু দুভাগ্যৰ কথা যে অসম চৰকাৰৰ গুৰুত্বহীনতা আৰু বাগিচাৰ মালিক পক্ষৰ স্বেচ্ছাচাৰী মনোভাৱৰ বাবে আজি ৫০শতাংশ বাগিচাৰ চিকিৎসালয়ত নাই এজনো চিকিৎসক।‘’

তেওঁ প্ৰকাশ কৰা তথ্য অনুসৰি বৰ্তমান ৫০০খন বাগিচাৰ চিকিৎসালয়ত  চিকিৎসকৰ পদ খালী হৈ আছে।

তেওঁ লগতে তথ্য উল্লেখ কৰি কয়, ‘’বাগিচাৰ চিকিৎসালয় সমূহত বৰ্তমান সময়ত ৬৬০টা ফাৰ্মাচিষ্ট, ২০০টা জিএনএম, ৩০০টা এএনএম, ১৭৫টা স্বাস্থ্য সহায়ক, ২৫০টা লেবৰেটৰী টেকনিচিয়ান আৰু ৬০০টা চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পদ খালী হৈ আছে।‘’

আনহাতে, ‘’সোণোৱাল চৰকাৰৰ চাহ জনগোষ্ঠীৰ উন্নয়নৰ প্ৰতি যদি প্ৰকৃত আন্তৰিকতা থাকিলে হয় তেন্তে আজি ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰীসভাত চাহ জনগোষ্ঠীৰ উন্নয়নৰ গুৰুত্বপূৰ্ণ বিভাগটো খালী হৈ নাথাকিলে হয়’’ বুলি ভুমিজে অভিযোগ কৰে।

ভূমিজে সংবাদ মেলখনত জানিবলৈ দিয়া অনুসৰি অসম চৰকাৰ আৰু “মেডিকেল এডভাইচাৰি বর্ড ফৰ প্লেনটেশ্যন ৱৰ্কাৰ”ৰ নিয়ম অনুসৰি প্ৰতিখন বাগিচাৰ চিকিৎসালয়ত ২০০বিধ ঔষধ থাকিব লাগে।কিন্তু ৰাজ্যৰ স্বাস্থ্য বিভাগ আৰু মালিক পক্ষৰ গুৰুত্বহীনতাৰ বাবে চিকিৎসালয়সমূহত ৫০বিধ ঔষধো নাথাকে বাগিচা।

তদুপৰি, নিয়ম অনুসৰি প্ৰতিখন বাগিচাৰ চিকিৎসালয়ত ৰোগীৰ সুবিধা হোৱাকৈ ব্লাড বেংক, এক্সৰে’ ব্যৱস্থা থাকিব লাগে।কিন্তু বৰ্তমান এখনো চাহ বাগিচাত নাই এই ব্যৱস্থা। একেদৰে বৰ্তমান প্ৰায় ৬০শতাংশ চিকিৎসালত নাই এম্বুলেন্স, অপাৰেশ্যন থিয়েটাৰ, খোৱা পানী আৰু শৌচালয়ৰ সুবিধা।

ইপিনে, চাহ বাগিচা সমূহত সমগ্ৰ চিকিৎসা ব্যৱস্থাতো তদাৰক কৰাৰ বাবে প্ৰতিখন জিলাতে ৰাজ্য চৰকাৰৰ চিকিৎসা বিভাগে এজনকৈ “ড্ৰাগ ইন্সপেক্টৰ” নিয়োগ কৰাটো বাধ্যতামূলক।

কিন্তু দুৰ্ভাগ্যজনক কথা এই যে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্য বিভাগৰ আৰ্শীবাদত বৰ্তমান সময়ত দুজন “ড্ৰাগ ইন্সপেক্টৰে” তদাৰক কৰিছে ১০০০খন বাগিচাৰ চিকিৎসা ব্যৱস্থা।

নিৰ্বাচনৰ সময়ত চাহ বাগিচাৰ ভোটৰ বাবে বাগিচাৰ শ্ৰমিকৰ উন্নয়নৰ কথা কোৱা সোণোৱাল চৰকাৰে এই বিষয়সমূহ কেনেদৰে গ্ৰহণ কৰে নে পূৰ্বৰ দৰে বাগিচা ভোটাৰ মন জয় কৰিবলৈ কেৱল মাত্ৰ অভিলাষী আঁচনি ঘোষণা আৰু নিৰ্বাচনৰ আগমুহূৰ্তত সামান্য পুঁজি যোগান ধৰাৰ নীতিকে আগবঢ়াই নিব সেইয়া অনাগত দিনত লক্ষণীয় হ’ব।