NORTHEAST NOW (Assamese)

শিৱসাগৰৰ কেন্দ্ৰীয় কাৰাগাৰৰ ৫০ৰো অধিক কয়দী কোভিড১৯ত আক্ৰান্ত

May 19, 2021 2:36 pm · পাৰ্শ্বজ্যোতি গগৈ

শিৱসাগৰৰ কেন্দ্ৰীয় কাৰাগাৰত ৫১ গৰাকী কয়দী কোভিড১৯ত আক্ৰান্ত হৈছে।

মংগলবাৰে কয়দীসকলৰ মাজত ৰেপিড এন্টিজেন টেষ্ট কৰোতে ৫১ গৰাকী কয়দীৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ।

কালি ১৭২ গৰাকী কয়দীৰ কৰোনা টেষ্ট কৰা হৈছিল।

বুধবাৰেও কয়দীসকলৰ কোভিড টেষ্ট কৰা হৈছে আৰু ৩৫০ গৰাকী কয়দীৰ টেষ্ট কৰাবলৈ বাকী আছে বুলি জানিবলৈ দিয়ে শিৱসাগৰ জিলা উপায়ুক্ত বিষ্ণু কমল বৰাই।

কৰোনাত আক্ৰান্ত কয়দীসকলক জে’লৰ ভিতৰতে আছুটীয়াকৈ ৰখা হৈছে।

ইতিমধ্যে শিৱসাগৰ কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰত চেনিটাইজ কৰা হৈছে বুলি জানিবলৈ দিয়ে স্বাস্থ্য বিভাগে।

আৰু অধিক কয়দীৰ দেহত কোভিড পজিটিভ পোৱাৰ আশংকা কৰা হৈছে।

Related News