বঙাইগাঁৱৰ হাতীউত্ৰাত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত নিহত এগৰাকী মহিলা

Accident

প্ৰতিনিধিত্বমূলক চিত্ৰ

আজি সন্ধিয়া বঙাইগাঁও জিলাৰ হাতীউত্ৰাত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা। বিয়লি ৫ বজাত সংঘটিত হোৱা এই পথ দুৰ্ঘটনাটোত ভাৰতী ৰায় (৫০) নামৰ এগৰাকী মহিলা নিহত হয়।

জানিব পৰা মতে মহিলাগৰাকীয়ে এ এছ-১৯-জে-৩৭৪৭ নম্বৰৰ স্কুটি বাহনেৰে নিজ কন্যাৰ লগত বঙাইগাঁও চহৰৰ পৰা চোকাপাৰাৰ নিজ ঘৰ অভিমূখে আহি আছিল। আৰু এইদৰে আহি থকা অৱস্থাত হাতীউত্ৰাত স্কুটিখন দুৰ্ঘটনাত পতিত হয়৷

মূৰত গুৰুতৰভাৱে আঘাত পোৱা মহিলাগৰাকীক লগে লগে ওচৰৰে বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ লৈ অনা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে৷

অৱেশ্য স্কুটিখনৰ চালকৰ আসনত থকা মহিলাগৰাকীৰ কন্যাৰ দুৰ্ঘটনাটোত কোনোধৰণৰ ক্ষয়-ক্ষতি হোৱা নাই বুলি জানিব পৰা যায়।