৫০০ কোটি টকীয়া বীমা কেলেংকাৰী : বৰপেটাত চিকিৎসকসহ ৪ জন আটক

Barpeta police press meet

ৰাজ্যত সংঘটিত প্ৰায় ৫০০ কোটি টকীয়া বীমা কেলেংকাৰীত জড়িত থকাৰ অভিযোগত বৰপেটা আৰক্ষীয়ে ২০ ছেপ্তেম্বৰত চিকিৎসকসহ ৪ জনক আটক কৰি সোধপোছ অব্যাহত ৰাখিছে।

বৰপেটা সদৰ থানাত আজি দিনৰ প্ৰায় ১১:৩০ বজাত অনুষ্ঠিত এক সংবাদমেলত বৰপেটাৰ আৰক্ষী অধীক্ষক ভায়োলেট বৰুৱাই এই কথা সদৰী কৰি আৰক্ষী জড়িত নহলে এনে বীমা কেলেংকাৰী হ’ব নোৱাৰে বুলি মন্তব্য কৰে। তদুপৰি উক্ত কেলেংকাৰীত বীমা কোম্পানীৰ বিষয়া আৰু বেংক বিষয়া জড়িত থকাৰো তেওঁ সন্দেহ ব্যক্ত কৰে।

উল্লেখযোগ্য যে কাদং গাঁও নিবাসী নৱাব আলী নামৰ ব্যক্তিজনৰ নামত বেলেগ বেলেগ তাৰিখত দাখিল কৰা দুখন মৰোণত্তৰ প্ৰমাণপত্ৰৰ আঁত ধৰি আৰক্ষীয়ে জোৰদাৰ তদন্ত কৰি এই অনিয়মত জড়িত থকাৰ বাবে বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ জৰুৰীকালীন বিভাগৰ চিকিৎসক ডাঃ শ্বহিদুল ইছলামসহ ৪ জনক আটক কৰা বুলি তেওঁ জানিবলৈ দিয়ে।

নৱাব আলীৰ নামত ক্ৰমে দুই লাখ আৰু দহ লাখ টকাৰ দুটা বীমা থকাটো আৰক্ষীয়ে নিশ্চিত কৰিছে বুলি উল্লেখ কৰি তেওঁ এই সন্দৰ্ভত ভাৰতীয় দণ্ডবিধিৰ ১২০/বি/১৯৭/১৯৮/৪২০/৪০৬ ধাৰাত ১৯০৭/১৮ নম্বৰত বৰপেটা সদৰ থানাত গোচৰ ৰুজু কৰা হৈছে।

মৃত নৱাব আলীৰ খুলশালী আটকাধীন একাব্বৰ আলীয়ে সংবাদ মাধ্যমৰ আগত জনায় যে, বৰপেটা জিলাৰ ইছলামপুৰৰ মাণিক আলী নামৰ লোকজনে নৱাব আলীৰ নামত মুঠ ৯ টা পলিচি খুলিছিল। মাণিক আলী সম্প্ৰতি পলাতক অৱস্থাত আছে।

উল্লেখযোগ্য যে, ৰাজ্যত প্ৰায় ৫০০ কোটি টকীয়া বীমা কেলেংকাৰী সংঘটিত হোৱা বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ত এক ৰাজহুৱা স্বাৰ্থজনিত আবেদন দাখিল কৰা হৈছিল। ইয়াৰ পৰৱৰ্তী সময়ত আৰক্ষীয়ে বৰপেটাত চিকিৎসক ডাঃ শ্বহিদুল ইছলাম, একাব্বৰ আলী, ইছমাইল হুছেইন আৰু মফিদা বেগমক আটক কৰে।