যুদ্ধৰ ভয়াৱহতাই ছানি ধৰিছে ইজৰাইল-পেলেষ্টাইনৰ আকাশ-বতাহ। হামাছৰ আক্ৰমণৰ পিছতে ইজৰাইলে ঘোষণা কৰা যুদ্ধই গাজাক কৰি তুলিছে মৃত্যু উপত্যকা। শেহতীয়াকৈ প্ৰকাশিত এক খবৰ অনুসৰি, মঙলবাৰে ইজৰাইলে গাজাত চলায় আন এক ভয়াৱহ আক্ৰমণ।
গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ে সদৰী কৰা অনুসৰি, যুদ্ধত আহত আৰু আশ্ৰয়ৰ তাগিদাত পেলেষ্টাইনী লোকেৰে ভৰি থকা গাজা চহৰৰ এখন চিকিৎসালয়ত ইজৰাইলে চলোৱা এই বিমান আক্ৰমণত প্ৰায় ৫০০ লোকৰ মৃত্যু হয়।
যদিহে গাজাৰ এই দাবী সঁচা হয়, অৰ্থাৎ এই আক্ৰমণ নিশ্চিত হয়, তেন্তে ২০০৮ চনৰ পিছত হোৱা পাঁচখন যুদ্ধৰ ভিতৰত মঙলবাৰৰ ইজৰাইলী বিমান আক্ৰমণেই আটাইতকৈ মাৰাত্মক বিমান আক্ৰমণ হ’ব।
ইজৰাইলৰ এই বিমান আক্ৰমণ সংঘটিত হয় আল-আহলী নামৰ হাস্পতালখনত। প্ৰকাশিত কিছু ফটোত চিকিৎসালয়খন জুইৰ লেলিহান শিখাই আগুৰি ধৰা দেখিবলৈ পোৱা গৈছে। ধ্বংসস্তূপত পৰিণত চিকিৎসালয়খনত শৰীৰৰ অংগ ছিটিকি পৰি থকাও দেখিবলৈ পোৱা গৈছে।
আক্ৰমণৰ ফলত শ শ লোক এতিয়াও ধ্বংসাৱশেষৰ তলত সোমাই আছে বুলি গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ে লগতে দাবী কৰিছে। আনহাতে ইজৰাইলৰ সামৰিক মুখপাত্ৰ ৰিয়াৰ এডমিৰেল ডেনিয়েল হাগাৰীয়ে এয়া ইজৰাইলৰ বিমান আক্ৰমণ হয় নে নহয়, সেয়া নিশ্চিত হোৱা নাই বুলি উল্লেখ কৰে।
উল্লেখ্য যে, ইজৰাইলে গাজাৰ লগতে ইয়াৰ আশে-পাশে থকা অঞ্চলৰ সকলো বাসিন্দাক দক্ষিণ গাজা ষ্ট্ৰিপলৈ স্থানান্তৰিত হ’বলৈ নিৰ্দেশ দিয়াৰ পিছত গাজা চহৰৰ কেইবাখনো চিকিৎসালয় শ শ লোকৰ আশ্ৰয়স্থল হৈ পৰিছে।
৭ অক্টোবৰত যুদ্ধ আৰম্ভ হোৱাৰ পাছৰে পৰা গাজা ষ্ট্ৰিপৰ ওপৰেৰে ইজৰাইলৰ বিমান আক্ৰমণত প্ৰায় ৩ হাজাৰ লোক নিহত হৈছে। আনহাতে ইজৰাইলত এই যুদ্ধত ১৪০০ৰো অধিক লোক নিহত হৈছে।