NORTHEAST NOW (Assamese)

একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰীৰ মাজত বিতৰণৰ বাবে ৫০,০০০ স্মাৰ্টফোন সাজু : পঞ্জাৱৰ মুখ্য মন্ত্ৰী

July 29, 2020 12:57 pm · এন ই নাও নিউজ
Updated: July 29, 2020 12:58 pm
পঞ্জাৱৰ মুখ্য মন্ত্ৰী

একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰী সকলৰ মাজত বিতৰণ কৰাৰ বাবে প্ৰথম পৰ্যায়ৰ ৫০,০০০ স্মাৰ্ট ফোন ইতিমধ্যে আহি পাইছে বুলি মঙলবাৰে উল্লেখ কৰে পঞ্জাৱৰ মুখ্য মন্ত্ৰী কেপ্তেইন কেপ্তেইন অমৰিন্দৰ সিঙে।

এই স্মাৰ্টফোন সমূহ বিতৰণ কৰাৰ ক্ষেত্ৰত যিসকল ছাত্ৰীৰ পৰিয়ালত স্মাৰ্টফোনৰ সুবিধা উপলব্ধ নাই তেওঁলোকক প্ৰথম পৰ্যায়ত অগ্ৰাধিকাৰ দিয়া হ’ব বুলিও মুখ্য মন্ত্ৰী সিঙে কয়।

ছাত্ৰ-ছাত্ৰী সকলে যাতে স্মাৰ্ট ফোনৰ অভাৱৰ বাবে অনলাইন ক্লাছৰ ক্ষেত্ৰত অসুবিধাত ভূগিবলগীয়া নহয় সেই লক্ষ্য ৰাখিয়ে পঞ্জাৱ চৰকাৰে ছাত্ৰ-ছাত্ৰী সকলৰ মাজত স্মাৰ্ট ফোন বিতৰণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে।

পঞ্জাৱ চৰকাৰে বিতৰণ কৰিবলগীয়া স্মাৰ্টফোন কোম্পানীৰ চীনৰ সৈতে কোনোধৰণৰ সম্পৰ্ক নাই বুলিও মুখ্য মন্ত্ৰী কেপ্তেইন অমৰিন্দৰ সিঙে স্পষ্ট কৰি দিয়ে।

উল্লেখযোগ্য যে, ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে দেশৰ শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ থকাৰ পৰিপ্ৰক্ষিতত অনলাইন পাঠদানৰ প্ৰাসংগিকতা আহি পৰিছে।

বহু সংখ্যক ছাত্ৰ-ছাত্ৰীৰ স্মাৰ্ট ফোন নোহোৱা বাবে ৰাজ্য সমূহৰ শিক্ষা বিভাগে অনলাইন পাঠদান সম্পুৰ্ণৰূপে আগবঢ়াই নিবলৈ সক্ষম হোৱা নায়।

Related News