ষ্টেইট বেংক অৱ ইণ্ডিয়াই হ্ৰাস কৰিব চেইভিংছ একাউণ্টৰ নিম্নতম মাহিলী জমাৰাশি

প্ৰতীকী ছবি।

দেশৰ বৃ্হত্তম ৰাষ্ট্ৰীয়কৃত বেংক ষ্টেইট বেংক অৱ ইণ্ডিয়াই চেইভিংছ একাউণ্টৰ ক্ষেত্ৰত নিম্নতম জমা ৰাখিবলগীয়া ধনৰ পৰিমাণ হ্ৰাস কৰাৰ সম্ভাৱনা আছে। উল্লেখ্য যে এই সন্দৰ্ভত গ্ৰাহক সকলৰ ব্যাপক সমালোচনাৰ সন্মুখীন হ’ব লগা হৈছিল বেংকটো।

বৰ্তমান বেংকটোৱে চেইভিংছ একাউণ্টত নিম্নতম মাহিলী জমাৰাশি নথকা গ্ৰাহকসকলৰ পৰা জৰিমনা আদায় কৰে। মহানগৰ, অৰ্ধ নগৰ আৰু গাওঁ অঞ্চলৰ বাবে নিৰ্ধাৰিত ন্যূনতম মাহিলী জমাৰাশি ক্ৰমে ৩০০০, ২০০০ আৰু ১০০০ টকা।

ষ্টেইট বেংকৰ নৱ নিৰ্ধাৰিত মাচুল সূচী অনুসৰি নিম্নতম ধন জমা নৰখা সকলৰ পৰা ই জি এচ তিৰ লগতে ১০০ টকালৈকে জৰিমনা আদায় কৰা হ’ব।

মহানগৰ অঞ্চলসমূহত মাহিলী গড় জমা ৫০০০ টকাৰ ৭৫% তকৈ কম হ’লে জি এচ টিৰ লগতে ১০০ টকা আৰু ৫০% বা তাতকৈ কম হ’লে জি এচ টিৰ লগতে ৫০ টকা জৰিমনা বিহা হ’ব। গাওঁ অঞ্চলত ১০০০ টকাতকৈ কম ধন জমা সকলক জি এচ টিৰ লগতে ২০ ৰপৰা ৫০ টকালৈকে জৰিমনা বিহা হ’ব।

কিন্তু গ্ৰাহকৰ ব্যাপক সমালোচনাৰ সন্মুখীন হোৱাৰ পিছত ১ অক্টোবৰৰ পৰা কাৰ্য্যকৰী হোৱাকৈ উক্ত মাচুল সমূহ হ্ৰাস কৰে। জৰিমনাৰ যোগেদি আয় কৰা বুলি বেংকটো সন্দৰ্ভত ঋণাত্মক বাতৰি প্ৰকাশ পোৱাৰ পিছতেই বেংকটোৱে মাচুল হ্ৰাসৰ এই সিদ্ধান্ত গ্ৰহণ কৰে।

বিত্ত মন্ত্ৰ্যালয়ে এই সপ্তাহত মুকলি কৰা তথ্য অনুসৰি গ্ৰাহকসকলৰ পৰা ন্যূনতম ধন জমা নৰখাৰ জৰিমনাৰ বাবদ বেংকটোৱে ২০১৭-১৮ চনৰ আঠটা মাহত ২য় কুৱাৰ্টাৰৰ লাভতকৈ ১৭৭১.৬৭ কোটি টকা অধিক লাভ কৰে।

ন্যূনতম ধন জমা নৰখাৰ বাবদ বেংকটোৱে লাভ কৰা ধন ইয়াৰ জুলাই-চেপ্তেম্বৰ কুৱাৰ্টাৰৰ মুঠ লাভ ১৫৮১.৫৫ কোটি টকাতকৈ অধিক, এপ্ৰিলৰ পৰা চেপ্তেম্বৰলৈকে বেংকটোৱে কৰা মুঠ লাভ ৩৫৮৬ কোটি টকাৰ ই প্ৰায় আধা।