আৰক্ষীৰ অভিযানত আটক এনডিএফবি সংবিজিত গোটৰ দুজন মধ্যস্থতাকাৰী

আটকাধীন এনডিএফবি সংবিজিতৰ মধ্যস্থতাকাৰী দুজন

আৰক্ষীয়ে চিৰাং-কোকৰাঝাৰ-ওদালগুৰিৰ বিভিন্ন ঠাইত অব্যাহত ৰাখিছে বিদ্ৰোহী বিৰোধী অভিযান। ঠিক সেইদৰে ৰবিবাৰে ৰাতিপুৱা ওদালগুৰি জিলাৰ পানেৰী আৰক্ষী থানাৰ অধীনৰ ছাগলীয়াঝাৰ অঞ্চলৰ সমীপৰ ভূটিয়াছাঙৰ পৰা আৰক্ষী আৰু সেনাৰ যৌথ অভিযানকাৰী দলে দুজন এনডিএফবি সংবিজিত গোটৰ মধ্যস্থতাকাৰীক আটক কৰিবলৈ সক্ষম হয়।

এক গোপন সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি আৰক্ষী আৰু সেনাৰ যৌথ অভিযানত এনডিএফবি সংবিজিত গোটৰ দুজন মধ্যস্থতাকাৰী ক্ৰমে নিজ’ৱাম বসুমতাৰী আৰু নিৰব বড়ো অভিযানকাৰীৰ জালত পৰে।

অভিযানকাৰী দলটোৱে মধ্যস্থতাকাৰী দুজনৰ পৰা কোনো ধৰণৰ মাৰাণাস্ত্ৰ তথা আপত্তিজনক নথি পত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল। শেহতীয়াকৈ আৰক্ষী বিষয়া এগৰাকীয়ে আমাক জানিবলৈ দিয়া অনুসৰি আটকাধীন মধ্যস্থতাকাৰী দুজনক জেৰা চলায় আছে।

উল্লেখযোগ্য যে বিগত কিছু দিনত চিৰাং-কোকৰাঝাৰ-ওদালগুৰি জিলা কেইখনত সেনা আৰু আৰক্ষীয়ে বিদ্ৰোহী বিৰোধী অভিযান তীব্ৰতৰ কৰি তোলা বাবে এনডিএফবি সংবিজিত বাহিনীয়ে গভীৰ সংকটত পৰা বুলি আৰক্ষীৰ এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে। সেনা-আৰক্ষীৰ বিদ্ৰোহী বিৰোধী অভিযান তৎপৰ কৰি তোলা বাবে স্থানীয়লোকেও যথেষ্ট সন্তুষ্টি প্ৰকাশ কৰিছে।