৫৫১গৰাকী ব্যক্তি অসমত শুকুৰবাৰে ক’ভিড মুক্ত হোৱাৰ বিপৰীতে এজনে প্ৰাণ হেৰুৱাইছে।
আৰোগ্য লাভ কৰা সকলোকে চিকিৎসালয়ৰ যাবলৈ দিয়া হৈছে।
মুকলি হোৱা লোকসকলক ধৰি অসমত ক’ভিড আৰোগ্যৰ সংখ্যা ১৪,১০৫গৰাকীলৈ বৃদ্ধি পাইছে।
বিপৰীতে মৃতকৰ সংখ্যা বৃদ্ধি পাইছে ৫১গৰাকীলৈ।
ক’ভিড ৰোগী সুনীল ৰয় (৭৫)ৰ শুকুৰবাৰে সন্ধিয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেলত মৃত্যু হৈছে।
It is extremely saddening to share that Shri Sunil Roy (75) from Kamrup Metro admitted at GMCH succumbed to #COVID19 in the evening today.
May his soul rest in peace.
My condolences to his bereaved family & friends.
— Himanta Biswa Sarma (@himantabiswa) July 17, 2020
তেওঁৰ ঘৰ আছিল কামৰূপ মহানগৰ জিলাত।
অসমত বৰ্তমান সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা হৈছে ৬৪৮৭গৰাকী।
অসমত এতিয়ালৈকে চিনাক্ত মুঠ ক’ভিড আক্ৰান্ত ২০,৬৪৬গৰাকী।
স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।
? Discharge Alert
5⃣5⃣1⃣ patients discharged today in Assam.
Good to see the rate at which recoveries are exceeding active number of patients.
?Total Discharged Patients – 14105
?Active Patients – 64879:15 PM/July 17/Day’s total 551#AssamCovidCount pic.twitter.com/vKRkhXpp3c
— Himanta Biswa Sarma (@himantabiswa) July 17, 2020
ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।