‘পলমকৈ হ’লেও বড়োলেণ্ড গঠন হ’বই। অনাগত সময়ছোৱাতো পৃথক বড়োলেণ্ডৰ দাবীত আন্দোলন অব্যাহত থাকিব।’ আজি কোকৰাঝাৰ জিলাৰ দোতমাত অবিভক্ত গোৱালপাৰা জিলা এবছুৰ সোণালী জয়ন্তী আৰু কোকৰাঝাৰ জিলা এবছুৰ ৪৯ তম অধিবেশনৰ মুকলি সভাত উপস্থিত থাকি এবছুৰ সভাপতি প্ৰমোদ বড়োই সংবিধানৰ গণ্ডীৰ ভিতৰত শীঘ্ৰেই পৃথক বড়োলেণ্ড গঠন কৰিবলৈ আহ্বান জনাই এইদৰে মন্তব্য কৰে।
নগা সমস্যা, কাশ্মীৰ সমস্যাতকৈ বড়োলেণ্ড তুলনামুলকভাৱে কম জটিল বুলি উল্লেখ কৰি এব্ছুৰ সভাপতিজনে চৰকাৰক বড়োলেণ্ড সমস্যাৰ শীঘ্ৰে সমাধানৰ কৰাৰ বাবে দাবী জনায়।
আনহাতে অধিৱেশনখনত অংশগ্ৰহণ কৰি বিদৰ্ভ আন্দোলনৰ নেতা অনিল জাবেদে বড়োলেণ্ড গঠনক সমৰ্থন কৰি কয় যে, ‘চৰকাৰে শীঘ্ৰেই পৃথক ৰাজ্য গঠন সন্দৰ্ভত এক সুস্থিৰ নীতি ল’ব লাগে।’ জাভেদে লগতে উন্নয়নৰ বাবেই পৃথক ৰাজ্য গঠন কৰা উচিত বুলিও মত প্ৰকাশ কৰে।
বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে এবছুৱে বড়ো জাতিৰ বাবে কি কৰিলে তাৰ হিচাপ দিয়ক বুলি কৰা প্ৰত্যাহ্বান সন্দৰ্ভত প্ৰমোদ বড়োই কয় যে জাতীয় সংগঠন এটাৰ হিচাপ দিবলগীয়া একো নাথাকে বৰং ৰাইজৰ দ্বাৰা নিৰ্বাচিত চৰকাৰেহে ৰাইজক হিচাপ দিয়া উচিত।
তদুপৰি এনআৰচি সন্দৰ্ভত মমতা বেনাৰ্জীৰ বক্তব্য উচটনিমুলক বুলি মন্তব্য কৰি বড়োই অসমত এটা চক্ৰই এনআৰচি হোৱাটো নিবিচাৰে বুলি মত প্ৰকাশ কৰাৰ লগতে সকলো ৰাইজকে শান্তি-সম্প্ৰীতি বৰ্তাই ৰাখিবলৈ আহ্বান জনায়।
আজিৰ কাৰ্যসূচীত এবছুৰ প্ৰায়সকল নেতা, এনডিএফবি(প্ৰ)ৰ একাংশ নেতাকে ধৰি কেইবা সহস্ৰাধিক সাধাৰণ ৰাইজে অংশগ্ৰহণ কৰে।