অসমত শেহতীয়াকৈ ব্যাপক হাৰত ক’ভিড ৰোগী চিনাক্ত হৈ অহাৰ মাজতে ১৮৪গৰাকী ব্যক্তিয়ে বুধবাৰে আৰোগ্য লাভ কৰিছে।
অসমৰ বিভিন্ন অসামৰিক, জিলা আৰু আদৰ্শ চিকিৎসালয়ৰ পৰা তেওঁলোকক মুকলি কৰি দিয়া হৈছে।
এইসকল ব্যক্তিক মুকলি কৰি দিয়াৰ পিছত অসমত সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা হৈছে ২৭০১গৰাকী।
অসমত এতিয়ালৈকে ক’ভিডৰ পৰা আৰোগ্য হৈছে মুঠ ৫৮৩১গৰাকী ব্যক্তি।
অসমত এতিয়ালৈকে চিনাক্ত মুঠ ক’ভিড ৰোগীৰ সংখ্যা হৈছে ৮৫৪৭গৰাকী।
? Discharge Alert
Glad that 1️⃣8️⃣4️⃣ more patients have been discharged today from various civil, district & model hospitals in Assam.
Our best wishes to all!
?Total Discharged Patients – 5831
?Active Patients – 27017:30 PM/July 01/Day’s total 184#AssamCovidCount pic.twitter.com/OMFH4seVZ9
— Himanta Biswa Sarma (@himantabiswa) July 1, 2020
ইয়াৰে ১২গৰাকীৰ মৃত্যু হোৱাৰ বিপৰীতে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।
ইফালে ক’ভিড ৰোগীৰ সংখ্যা বৃদ্ধিৰ মাজতে গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত বুধবাৰে এক ক’ভিড চিকিৎসালয় মুকলি কৰা হৈছে।