গুৱাহাটীৰ ৪ মটৰচাইকেল আৰোহীক ছিকিমত উষ্ণ আদৰণি

গুৱাহাটীৰ ৪ মটৰচাইকেল আৰোহী

গুৱাহাটীৰ পৰা যোৱা ব্ৰহ্মপুত্ৰ বাইকাৰচ ক্লাবৰ ৪ জন মটৰচাইকেল আৰোহীক বুধবাৰে ছিকিমত বিপুলভাৱে আদৰণি জনোৱা হয়।

গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ কৰা অসমৰ উক্ত ৪ জন দুসাহসিক অভিযানকাৰীয়ে তেওঁলোকৰ অত্যাধুনিক হাৰ্লী ডেভিদচন মটৰচাইকেলেৰে যাত্ৰা কৰি বুধবাৰে গেংটকত উপস্থিত হয়। দলটোৱে বৃহস্পতিবাৰে গেংটকৰ ৰিজ পাৰ্কৰ পৰা দক্ষিণ ছিকিমত অৱস্থিত ৰংবলাৰ বুদ্ধ পাৰ্কলৈকে চলিব লগীয়া হাৰ্লী ডেভিদচন ৰাইডত ভাগ ল’ব।

অসমৰ দলটোয়ে দক্ষিণ ছিকিমৰ তিনকিটামত নিশাটো কটাই পৰৱৰ্তী দিনা তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰিব, উক্ত যাত্ৰাত তেওঁলোকৰ সৈতে ছিকিমৰ ৮ জন হাৰ্লী ডেভিদচন আৰোহীয়ে যোগ দিব।

গেংটকত উপস্থিত হোৱা অসমৰ মটৰচাইকেল আৰোহীকেইজনে ছিকিমৰ পৰ্যন মন্ত্ৰী য়ুগেন টি জ্ঞাটছ’ ভূটীয়াক সাক্ষাৎ কৰে।

ইয়াৰ পূৰ্বে দলটোক ৰাংপ’ত পৰ্যটনৰ সহকাৰী পৰিচালক সুষমা প্ৰধানৰ লগতে স্থানীয় লোকসকলে পাহাৰীয়া ৰাজ্যখনলৈ উষ্ণ আদৰণি জনায়।