NORTHEAST NOW (Assamese)

শতাধিক শ্বাটলাৰৰ অংশগ্ৰহণেৰে শিৱসাগৰত আৰম্ভ পঞ্চম ৰেংকিং বেডমিণ্টন টুৰ্ণামেণ্ট

August 7, 2019 7:16 am · পাৰ্শ্বজ্যোতি গগৈ
Updated: August 7, 2019 7:19 am

মঙলবাৰৰ পৰা ঐতিহাসিক চাওলুং চ্যুকাফা ইনড’ৰ ষ্টেডিয়ামত আৰম্ভ হৈছে পঞ্চম ৰেংকিং বেডমিণ্টন টুৰ্ণামেণ্ট ২০১৯। শিৱসাগৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু অসম বেডমিন্টন সন্থাৰ সহযোগত আয়োজিত এই বেডমিন্টন টুৰ্ণামেণ্ট আয়োজন কৰা হৈছে।

৬ আগষ্টৰ পৰা ৯ আগষ্টলৈকে হ’বলগীয়া এই ৰেংকিং বেডমিন্টন টুৰ্ণামেণ্টৰ শুভ উদ্ধোধন কৰে অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰমেন দত্তই।

উদ্ধোধনী ভাষণত দত্তই কয় যে,  আমি আমাৰ শৰীৰটো সুস্থ তথা নিৰোগী  কৰি ৰখাৰ উত্তম উপায়টো হ’ল খেলা ধূলা কৰাটো। খেলক যদি আমি ভালদৰে অনুশীলন কৰো ই আমাৰ প্ৰতিভা বিকাশ কৰাৰ লগতে শৰীৰটো সুস্থ কৰি ৰাখিব। শৰীৰটো সুস্থ হোৱাৰ লগতে আমাৰ মন সুস্থ হ’ব, মনটো সুস্থ হ’লে আমাৰ চৌদিশৰ পৰিবেশ সুস্থ হৈ উঠিব, আমাৰ সমাজ খন সুস্থ হৈ উঠিব আৰু সমাজ খন যতিয়া সুস্থ হ’ব তেতিয়া আমাৰ ৰাজ্য খন বা দেশ খনক এখন সুস্থ তথা শান্তিময়  দেশ হিচাপে গঢ়ি তুলিব পাৰিম।

শিৱসাগৰ ক্ৰীড়া সন্থাৰ যুটীয়া সম্পাদক শৰৎ হাজৰিকাই আঁত ধৰা অনুষ্ঠানটোত উজনিয়াল সত্ৰৰ সত্ৰাধিকাৰ লক্ষীকান্ত মহন্ত, অসম বেডমিন্টন এছ’চিয়েছনৰ উপ-সভাপতি পৱিত্ৰ বৰঠাকুৰ,  শিৱসাগৰ জিলা ক্ৰীড়া সন্থাৰ সভাপতি পোনাৰাম মিলি, ক্ৰীড়া সংগঠক মনোজ ভাগৱতী, সাংবাদিক মনোজ কুমাৰ গগৈ, যদুমণি বড়াকে ধৰি বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

টু্ৰ্ণামেণ্টত ৰাজ্যৰ বিভিন্ন জিলাৰ ১১ ৰ পৰা ১৯ বৰ্ষৰ শিতানৰ শতাধিক প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে উদযাপন সমিতিৰ সম্পাদক ঋতুৰাজ চেতিয়াই

Related News